অসম

৫০ কোটিৰ ২৫ খন আচঁনিৰে জিলিকিল পশ্চিম কাৰ্বি আংলঙৰ হামৰেণ চহৰ

হামৰেণৰপৰা কনক দেউৰী,প্ৰথম খবৰ:ৰাজ্যৰ লগতে কাৰ্বি আংলঙত বিজেপিয়ে শাসনৰ বাঘজৰী হাতত লৈ পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ বিভিন্ন পৰিষদীয় সমষ্টিত উন্নয়নমূলক আচঁনিৰ আধাৰশিলা স্থাপন আৰু উদ্বোধনেৰে ইতিমধ্যে এক চমক সৃষ্টি কৰিছে বিজেপি চৰকাৰখনে। তেনে সময়তে এইবাৰ পশ্চিম কাৰ্বি আংলঙৰ হামৰেণ চহৰৰ কেবাটাওকৈ স্থানত মুঠ ৫০ কোটি টকাৰো অধিক ব্যয় আৱন্টনেৰে ২৫খনকৈ আচঁনিৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰি হামৰেণ চহৰক জিলিকালে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে। উল্লেখ্য যে মুখ্য কাৰ্যবাহী সদস্যসহ কাৰ্বি পৰিষদৰ অধ্যক্ষ হৰেনছিং বে’,বৈঠালাংছ’ বিধানসভা সমষ্টিৰ বিধায়ক ডঃ মানছিং ৰংপি,পৰিষদৰ কাৰ্যবাহী সদস্য ৰূপছিং টেৰণ,পৰিষদীয় সদস্য মংগলছিং তিমুং,দৰছিং ৰংহাং,পৱন ৰয়,ৰীণা তেৰাংপি, পৰিষদীয় কৃষি বিভাগৰ প্ৰাক্তন বৰ্ড অধ্যক্ষ বিদ্যাছিং টেৰণ,অন্যান্য বিশিষ্ট অতিথি,বিজেপি নেতা-কৰ্মী,বিভাগীয় বিষয়া কৰ্মচাৰী,চৰকাৰী-বেচৰকাৰী গাওঁবুঢ়াকে আদি কৰি ভালে সংখ্যক স্থানীয় ৰাইজ উপস্থিত থাকে উল্লেখিত অনুষ্ঠানসমূহত। গুৰুত্বপূৰ্ণ যে আজি কাৰ্বি পৰিষদৰ এটা বৃহৎ সজাতি দল এইদৰে কাৰ্বি পৰিষদৰ পৰিষদীয় হামৰেণ সমষ্টিত উপস্থিত হৈ ৰংহাং-ৰংবঙত অৱস্থিত কাৰ্বি ৰাজ-দৰৱাৰলৈ বুলি যোৱা পথ উদ্বোধনৰ লগতে খোৱাপানী আৰু অন্যান্য ব্যৱস্থা সম্পর্কীয় আধাৰশিলা স্থাপন কৰে,হামৰেণৰ ৰং-চিন্দনত ২০১৩-১৪ বিত্তীয় বৰ্ষৰ ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ অধিনত ১ কোটি ৭০ লাখ ৫৫ হাজাৰ টকা ব্যয়ৰে নিৰ্মাণ কৰা ১০০ বিচনাযুক্ত বালিকা আবাসৰ উদ্বোধন,২০১৭-২০১৮, ২০১৮-২০১৯ বিত্তীয় বৰ্ষৰ এছ অ পি ডি-ৰ অধীনত উত্তৰ-পূব পৰিষদৰ এম এণ্ড বি টি পথ চিংথং উন্নয়ন খণ্ড-জি এ ডি কলনী সংযোগী পথ নিৰ্মাণৰ আধাৰশিলা,হামৰেণ-ফংজাংৰে সংযোগী উমটিলিত আমলং নৈৰ ওপৰত অসম চৰকাৰৰ ২০১৭-১৮ বিত্তীয় বৰ্ষৰ এককালীন বিশেষ আচঁনিৰ অধীনত এখন উলমা দলং নিৰ্মাণৰ আধাৰশিলাকে ধৰি মুঠ ৫০ কোটি টকাৰো অধিক ব্যয় আবন্টনেৰে মুঠ ২৫ খনকৈ আচঁনিৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰে পৰিষদৰ বৃহৎ সজাতি দলটোৰ সহযোগত তুলিৰাম ৰংহাঙে। আয়োজিত অনুষ্ঠানত ৰংহাঙে এই বুলি মতব্যক্ত কৰে যে “দুৰ্গম পাহাৰ-সমতল সকলোতে সর্বাংগীন উন্নয়নেৰে সামগ্ৰিক দৃশ্য সলনি কৰিম পিছপৰা জিলা কাৰ্বি আংলঙৰ”। আনহাতে উমটিলিত অনুস্থিত মুকলি সভাত ৰংহাঙে পৰিষদীয় হামৰেণ সমষ্টিত কিছুদিনৰ ভিতৰতে পি এম জি এছ ৱাই,পঞ্চায়ত আৰু গ্ৰামোন্নয়ন,এম অ এছ, কাৰ্বি পৰিষদ আদিৰ অধীনত নিৰ্মাণ কৰিবলগীয়া পথ আদিৰ লগতে বিভিন্ন ব্যৱস্থা সম্পৰ্কে বিতংভাৱে অৱগত কৰে উপস্থিত থকা ৰাইজৰ ওচৰত।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close