অসমউত্তৰ পূবযুৱৰাষ্ট্ৰীয়

ৰংচাইত ৬৯ তম গণতন্ত্ৰ দিৱসৰ প্ৰস্তুতি

আগিয়াৰপৰা উদ্ধৱ চন্দ্ৰ নাথ,প্ৰথম খবৰ:গোৱালপাৰা জিলাৰ ৰংচাই আৰক্ষী চকীৰ অন্তৰ্গত ৰংচাই উচ্চ মাধ্যমিক বিদ্যালয় আৰু ৰংচাই চাইনিং ষ্টাৰ ক্লাৱৰ যৌথ উদ্যোগত অহা ২৬ জানুৱাৰীত ৬৯ তম গণতন্ত্ৰ দিৱস উলহ মালোহেৰে উদযাপন কৰাৰ পূৰ্ণ প্ৰস্তুতিৰ বাতৰি পোৱা গৈছে । প্ৰাপ্ত বাতৰি মতে ৰংচাই উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰুদ্ৰজিত নাথে এক প্ৰেছ বিবৃত্তিত জানিবলৈ দিয়েজে উক্ত দিনা ৰাতিপুৱা ৮:৩০ বজাত আমন্ত্ৰিত অতিথিক আদৰণি । ৯:০০ বজাত পতাকা উত্তোলন । ৯:৩০ বজাত ছাত্ৰ ছাত্ৰীৰ অভিবাদন। ১০:০০ বজাত দেশ প্ৰেম মূলক নৃত্য গীত প্ৰদৰ্শন । আনহাতে ২৬ জানুৱাৰীৰ দিনাখন ছাত্ৰ ছাত্ৰী সকলৰ দ্বাৰা মাৰ্চ পাৰ্চ কৰা হব আৰু উক্ত প্ৰশিক্ষণ ইতিমধ্যে বাইডা কেম্পত থকা ভাৰতীয় সৈনিকৰ ৬/৫ গোর্খা ৰাইফলছৰ দ্বাৰা দি থকা হৈছে । আনহাতে উক্ত দিনৰ কাৰ্যসূচীত বাইডা কেম্পত থকা ৬/৫ গোর্খা ৰাইফলছৰ সেনাৰ মেজৰৰ লগতে জিলাখনৰ ভালে কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থকাৰ বাতৰি পোৱা গৈছে । সেয়েহে সমগ্র দিনজৰা কাৰ্যসূচীত অঞ্চলষ্ঠ জনগণৰ উয়স্থিতি আৰু সহায় সহযোগিতা ৰংচাই চাইনিং ষ্টাৰ ক্লাৱৰ লগতে ৰংচাই উচ্চ মাধ্যমিক বিদ্যালয়ৰ সভাপতি সম্পাদকে কামনা কৰিছে৷

Related Articles

Leave a Reply

Close