অসমশীৰ্ষ

ৰঙিয়াত থানাৰ নাতি দূৰত চোৰৰ তাণ্ডৱ,চিলিং ভাঙি তিনিখনকৈ দোকানত লুটপাট

প্ৰথম খবৰ,ৰঙিয়া:অপৰাধীৰ ৰম্যভূমিত পৰ্যবসিত হৈছে ৰঙিয়া চহৰ।আৰক্ষী আৰু অৰ্ধ-সামৰিক বাহিনীয়ে গিজগিজাই থকা ৰঙিয়া চহকত প্ৰায়ে সংঘটিত হৈ আহিছে চুৰি,ডকাইতি,ধন লুটৰ দৰে উদ্বেগজনক ঘটনা।আৰক্ষীয়ে এই সকল ঘটনাৰ লগত জড়িত প্ৰকৃত দূৰ্বৃত্তক আটক কৰিব নোৱাৰাৰ উপৰি এই ধৰণৰ ঘটনাবোৰ ৰোধ কৰিবও পৰা নাই।

যোৱা নিশা ৰঙিয়া চহৰৰ মাজমজিয়াৰ এন টি ৰোডৰ প্ৰদীপ জাজোদিয়াৰ চিগাৰেটৰ পাইকাৰী বিক্ৰেতা,থানা ৰোডৰ বিজু কুমাৰ জৈনৰ জৈন ষ্টোৰ আৰু পোষ্ট অফিচ ৰোডৰ আফজাল হুছেইনৰ অসম বেডিং ষ্টোৰৰ দোকানত চোৰে চিলিং ভাঙি লুটপাট কৰে।এই তিনিওটা চুৰি ঘটনাত চোৰে দোকান কেইখনৰ চালিৰ টিনপাত চিপৰাং জাতীয় বস্তুৰে উঠাই চিলিং কেইখন ভাঙি দোকানত সোমাই চুৰি কৰে।চিগাৰেটৰ পাইকাৰী বিক্ৰেতাৰ পৰা বিভিন্ন সামগ্ৰী নিয়াৰ উপৰি চি চি কেমেৰাৰ মেচিনটো উঠাই লৈ যায়।জৈন ষ্টোৰৰ কাপোৰৰ দোকানৰ পৰা নগদ ধন নিয়াৰ লগতে পেন্টৰ কাপোৰ কিছু নিয়ে।অসম বেডিং ষ্টোৰৰ লেপ তোছকৰ দোকানৰ পৰা তিনি হাজাৰমান নগদ টকা নিয়ে।তাত নিশা মমবাতি জ্বলাই থৈ যায় কিন্তু মমবাতিৰ পৰা কোনো অঘটন ঘটা নাই।ৰঙিয়া থানাৰ টাউন উপ-পৰিদৰ্শক অমৰ ঘোষে ঘটনাস্থলী সমূহত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে যদিও এতিয়ালৈকে কোনো দুৰ্বৃত্তক আটক কৰিব পৰা নাই।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close