শেহতীয়া
Home / অসম / ৰঙিয়াত ছাত্ৰ নেতা শিক্ষয়িত্ৰীক গ্ৰেপ্তাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ

ৰঙিয়াত ছাত্ৰ নেতা শিক্ষয়িত্ৰীক গ্ৰেপ্তাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ

প্ৰথম খবৰ,ৰঙিয়া:ৰঙিয়া চেপ্টিত সেনা বাহিনীৰ দ্বাৰা পৰিচালিত ৰেডহৰ্ণ পাব্লিক স্কুলখন সেনাই বন্ধ কৰিদিয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰাত বিদ্যালয় খনৰ পাঁচ গৰাকী শিক্ষয়ত্ৰীৰ লগতে এজন ছাত্ৰ নেতাক আটক কৰাৰ প্ৰতিবাদত আজি বৃহৎ প্ৰতিবাদী ৰাইজে ৰাষ্টীয় ঘাইপথ অৱৰোধ কৰে। আজি পুৱাৰ ভাগত বৃহৎ সংখ্যক পুৰুষ মহিলাই ৰঙিয়া ৰেডহৰ্ণ পাব্লিক স্কুলৰ সন্মুখৰে যোৱা ৩১নং ৰাষ্টীয় ঘাইপথটো অৱৰোধ কৰি প্ৰতিবাদ সাব্যাস্ত কৰে। পিচত ৰঙিয়াৰ মহকুমাধিপতি মুনিন্দ্ৰ বৰদলৈ, ৰঙিয়া ৰাজহ চক্ৰ বিষয়া এমিলি বৰুৱা,মহকুমা আৰক্ষী বিষয়া প্ৰনৱ কুমাৰ পেগু উপস্থিত হৈ প্ৰতিবাদকাৰী সকলক বুজাবলৈ চেষ্টা কৰে যদিও প্ৰতিবাদকাৰী সকলে কামৰূপ উপাযুক্তৰ উপস্থিতিৰ দাবীজনাই প্ৰতিবাদ অব্যাহত ৰাখে। এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্য বিয়পি পৰে। ক্ৰমাত উত্তেজনা বৃদ্ধি পোৱাৰ সময়তে অতিৰিক্ত উপায়ুক্ত ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে প্ৰতিবাদকাৰী সকলৰ লগত আলোচনাত মিলিত হোৱাত তেঁওলোকে অৱৰোধ উঠাই লয়। বৰ্তমানে পৰিস্থিতি শান্ত।

Leave a Reply

Your email address will not be published. Required fields are marked *

*