অসম

ৰঙিয়াত দূৰ্ঘটনা:দুজন আহত

প্ৰথম খবৰ,ৰঙিয়া: ৰঙিয়াৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বঙালীকুছিত আজি সন্ধিয়া এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। গুৱাহাটী অভিমুখী দ্ৰুতবেগী এ এছ ০১ ডি জি ২৩৮৪ নম্বৰৰ RENAULT-KWID য়ে দুই চাইকেল আৰোহীক খুন্দিওৱাত গুৰুতৰভাৱে আহত হয় চাইকেল আৰোহী মাধৱ কলিতা (৪৫),আৰু কৈলাশ কলিতা(৪৩)। জানিবপৰা মতে মাধব কলিতাৰ ঘৰ কেন্দুকোনাত আৰু কৈলাশ কলিতাৰ ৰঙিয়া মূৰাৰাত। স্থানীয় ৰাইজে ততালিকে ১০৮ এম্বুলেঞ্চ সেৱাক খবৰ দিয়ে যদিও এম্বুলেন্স বহু পলমলৈ ঘটনাস্থলীত উপস্থিত হোৱাৰ অভিযোগ উথ্থাপন কৰিছে ৰাইজে। অৱশেষত উপায় বিহীন হৈ স্থানীয় ৰাইজে নিজে দুয়োজনকে ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় যদিও পিছত দুয়োজনকে উন্নত চিকিৎসাৰ বাবে সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আনহাতে

দুৰ্ঘটনা সংঘটিত কৰিয়েই চাৰি চকীয়া বাহনখন এৰি চালকজনে পলায়ন কৰে। আৰক্ষীয়ে বাহনখন জব্দ কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close