শেহতীয়া
Home / অসম / ৰাজীৱ থাপা নাজিৰাৰ পৰৱৰ্তী মহকুমাধিপতি

ৰাজীৱ থাপা নাজিৰাৰ পৰৱৰ্তী মহকুমাধিপতি

শিমলুগুৰিৰপৰা নেকিবুল হক,প্ৰথম খবৰ:নাাজিৰাৰ মহকুমাধিপতি ডা: সাদনেক সিংক প্ৰশাসনিক উপসচিব হিচাপে পদন্নোতি দি চৰকাৰে বদলি কৰিছে আৰু নাজিৰাৰ নতুন মহকুমাধিপতি তথা দ্বাদশগৰাকী মহকুমাধিপতি হিচাপে বৰ্তমানৰ সাপেখাটিৰ ৰাজহ চক্ৰ বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা ৰাজীৱ থাপাক নিযুক্তি দিছে অসম চৰকাৰে। উল্লেখযোগ্য যে এটা সময়ত নাজিৰাৰ কাৰ্যবাহী অতিৰিক্ত দণ্ডাধীশৰ উপৰি দক্ষতাৰে সীমান্ত দণ্ডাধীশ নিৰ্বাচনী বিষয়া আৰু নাজিৰা খণ্ড উন্নয়ন উন্নয়ন বিষয়া হিচাপে দক্ষতাৰে কাৰ্যনিৰ্বাহ কৰা প্ৰশাসনিক বিষয়া ৰাজীৱ থাপাক নাজিৰাৰ মহকুমাধিপতি হিচাপে পদন্নোতি দিয়া বুলি অসম চৰকাৰৰ গৃহ বিভাগৰ এক জৰুৰী জাননীত প্ৰকাশ। দক্ষ প্ৰশাসনিক বিষয়া ৰাজীৱ থাপাক নাজিৰাৰ পৰৱৰ্তী মহকুমাধিপতি হিচাপে নিযুক্তি দিয়াত নাজিৰা প্ৰেছ ক্লাৱৰ কৰ্মকৰ্তাসকলৰ লগতে সমূহ নাজিৰাবাসী ৰাইজে সন্তোষ প্ৰকাশ কৰিছে আৰু অভিনন্দন জনাইছে নতুন মহকুমাধিপতি গৰাকীক।

Leave a Reply

Your email address will not be published. Required fields are marked *

*