অসম

ৰূপহীহাটত এন আৰ চিক লৈ চক্ৰ বিষয়াৰ বিৰুদ্ধে অপপ্ৰচাৰত লিপ্ত সংখ্যালঘু নেতা:আৰক্ষী থানাত গোচৰ

প্ৰথম খবৰ,নগাঁও: সমগ্ৰ ৰাজ্যজুৰি এন আৰ চি উন্নীতকৰণৰ কাম চলি থকাৰ সময়তে সমগ্ৰ প্ৰক্ৰিয়াটোক বিপথে পৰিচালিত কৰি অবৈধ অনুপ্ৰবেশকাৰীক স্বদেশী কৰাৰ ষড়যন্ত্ৰত লিপ্ত হোৱাৰ অভিযোগ উঠিছে এগৰাকী সংখ্যালঘু সংগঠনৰ কেন্দ্ৰীয় নেতাৰ বিৰুদ্ধে। সদৌ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সম্পাদক অবুবক্কৰ চিদ্দিক নামৰ নেতাজনে ধৰ্মীয় সংখ্যালঘু ৰাইজৰ ত্ৰানকৰ্তাৰ ৰূপত অৱতীৰ্ণ হোৱাৰ এই অভিযোগ উঠিছে। এই ঘটনাক লৈ এতিয়া সৰ্বত্ৰতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। প্ৰাপ্ত অভিযোগ অনুসৰি, প্ৰবঞ্চনাৰে ধন ঘটাৰ অভিযোগত ইতিপূৰ্বে জেলৰ ভাত খোৱা এই গৰাকী নেতাই শেহতীয়াকৈ এন আৰ চিৰ কাম-কাজক লৈ ৰূপহীহাট ৰাজহ চক্ৰৰ বিষয়া দৰ্শণা চেতিয়াৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱাতে ক্ষান্ত নাথাকি বিষয়া গৰাকীৰ সন্দৰ্ভত কেতবোৰ বিতৰ্কিত আৰু নিকৃষ্ট মন্তব্যৰে চছিয়েল মিডিয়া যোগে আন এগৰাকী সংখ্যালঘু নেতাৰ সৈতে আলোচনা কৰাৰ লগতে সাম্প্ৰদায়িক মন্তব্য দিয়াৰ তথ্য ফাদিল হোৱাত চক্ৰ বিষয়া গৰাকীয়ে যোৱা কালি নগাঁৱৰ হয়বৰগাওঁ আৰক্ষী চকীত এক এজাহাৰ দাখিল কৰিছে। চিদ্দিকে চছিয়েল মিডিয়াত নেতাজনৰ সৈতে হোৱা কথোপকথনত চক্ৰ বিষয়া দৰ্শণা চেতিয়াৰ বাবেই যে ৰূপহীহাটত সংখ্যালঘু লোক এন আৰ চিত নাম সোমোৱাত হেঙাৰ হৈছে বুলি উল্লেখ কৰাৰ লগতে বিষয়া গৰাকীৰ সন্দৰ্ভত কেতবোৰ আপত্তিজনক মন্তব্য দিয়াৰ উপৰি বিষয়া গৰাকীৰ বিৰুদ্ধে বিভিন্ন ধৰণে প্ৰচাৰ চলোৱাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায়। আনকি পৰিস্থিতি অগ্নিগৰ্ভা কৰি তোলাৰ বাবে আলোচনাত মিলিত হবলৈও নেতাজনক আহ্বান জনায়। মূলতঃ চক্ৰ বিষয়া গৰাকীক ব্লেকমেইলিং কৰি সংখ্যালঘু লোকৰ নাম এন আৰ চিত সোমোৱাৰ অপচেষ্ঠা চলোৱা অথবা পৰিস্থিতি বিষময় কৰি হলেও এন আৰ চিৰ কামত বাধা প্ৰদানৰ কুঅভিসন্ধি ৰচাৰ পৰিকল্পনা যুগুত কৰে চছিয়েল মিডিয়াত হোৱা কথা বাৰ্তাৰ জৰিয়তে। ছ’চিয়েল মিডিয়াত কথোপকথনৰ এই তথ্য লাভ কৰাৰ পিছতেই কালি চক্ৰ বিষয়া গৰাকীয়ে আৰক্ষী চকীখনত আবু বক্কৰ চিদ্দিকৰ বিৰুদ্ধে গোচৰ তৰে। এজাহাৰখনত উল্লেখ কৰা মতে,চক্ৰ বিষয়াক বিভিন্ন ধৰণে ব্লেকমেইলিং কৰি অবৈধ অনুপ্ৰৱেশকাৰীক এন আৰ চিত নাম সোমোৱাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে আবু বৃক্কৰ চিদ্দিক।

Related Articles

Leave a Reply

Close