শেহতীয়া
Home / অসম / ৰূপহীহাটৰ লাওগাঁৱত বিজেপিৰ সংখ্যালঘূ মৰ্চাৰ এন আৰ চি সহায়ক কমিটি গঠন

ৰূপহীহাটৰ লাওগাঁৱত বিজেপিৰ সংখ্যালঘূ মৰ্চাৰ এন আৰ চি সহায়ক কমিটি গঠন

প্ৰথম খবৰ,ৰূপহীহাট: ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ প্ৰথমখন খচৰা প্ৰকাশ হোৱাৰ পাছতে আজি লাওগাওঁত এন আৰ চি প্ৰক্ৰিয়াত ৰাইজক সকাহ দিয়াৰ উদ্দেশ্য এখনি সহায়ক কমিটি গঠন কৰা হয়৷বিজেপিৰ সংখ্যালঘূ মৰ্চাৰ ৰাজ্যিক সভাপতি মমিনুল আৱালৰ নিৰ্দেশত আৰু বিজেপি নেতা নাজিৰ হুছেইনৰ নেতৃত্বত গঠন কৰা হয় কমিটিখন৷আজি আনুষ্ঠানিকভাৱে দায়িত্ব লোৱা কমিটিখনৰ উপ সভাপতি আব্দুল মজিদ আৰু চামচুল আলম,আকবৰ আলী, ইমদাদুল হক,শ্বাহাৰুখ খান,বাহাৰ উদ্দিন,ৰুহুল আমিন,দলী বৰা,নীলিমা বসুমতাৰী,ফুলেশ্বৰী বালাৰী,জুবেদ আলী,হেলাল উদ্দিন,আৰিফ হুছেইন,মজিবুৰ ৰহমান আৰু চালা উদ্দিনক লৈ গঠন কৰা হৈছে লাওগাও কমিটি৷

অনগ্ৰসৰ এলেকাৰ মানুহ এন আৰ চিৰ প্ৰথম খচৰাত নাম নহা সকলে যাতে কোনো ধৰণৰ শংকাত নোভোগে আৰু আগন্তুক প্ৰক্ৰিয়া কি দৰে আগবাঢ়িব সেই সন্দৰ্ভত উক্ত কমিটিয়ে সহায় সহযোগ আগবঢ়াবলৈ মমিনুল আৱালৰ নিৰ্দেশক্ৰমেই কৰ্মত মনোনিবেশ কৰিব বুলি জানিব পৰা গৈছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

*