অসম

ৰূপান্তৰৰ শিল্পী সন্মান:বঁটা ঘোষণা

প্ৰথম খবৰ,ননৈ:নগাঁৱৰ অন্যতম সাহিত্য সাংস্কৃতিক অনুষ্ঠান ৰূপান্তৰে আজি আনুষ্ঠানিক ভাৱে ঘোষণা কৰে ‘ৰূপান্তৰ শিল্পী সন্মান (২০১৭)’। এইবেলি ৰূপান্তৰ শিল্পী সন্মান প্ৰদান কৰা হ’ব নাট্যকাৰ পৰিচালক অজিত বৰঠাকুৰক। ৰূপান্তৰ ‘নটসঙ্গীত শিল্পী সন্মান’ প্ৰদান কৰা হ’ব দ্বীপ শৰ্মাক আনহাতে ক্ৰীড়াৰ ক্ষেত্ৰত ‘ক্ৰীড়াঙ্গন সন্মান’ ৰাষ্ট্ৰীয় খেলুৱৈ স্বৰ্ণলতা শইকীয়াক প্ৰদান কৰা হ’ব। আৰু যুৱ শিল্পী সকলক উৎসাহিত কৰিবলৈ কুকিল চক্ৰৱৰ্তী সোৱৰণী অনুপ্ৰেৰণা মূলক চলন্ত বঁটা আগবঢ়োৱা হ’ব মৌচম বৰালৈ। অহা ২০ জানুৱাৰীত নগাঁও নাট্য মন্দিৰত ৰূপান্তৰে আয়োজন কৰা নাট্যসন্ধ্যাৰ আৰম্ভণিতে এই সন্মান সমূহ প্ৰদান কৰা হ’ব।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close