অসমকোকৰাঝাৰশীৰ্ষ

ৰে’লৰ পৰা পৰি মহিলাৰ মৃত্যু

প্ৰথম খবৰ,ফকিৰাগ্ৰাম: কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম আৰক্ষী থানাৰ অন্তৰ্গত ফকিৰাগ্ৰাম বজাৰ ৰে’ল জংচনৰ সমীপৰ ৰে’ল গেটৰ কাষতে  আজি এটি মহিলাৰ মৃতদেহ উদ্ধাৰ  হৈছে৷

প্ৰাপ্ত বাতৰি মতে আজি ৰাতিপূৱা ৬-২০ মিনিটত কৰ্তব্যৰত গেটমেনজনে উজনিমুৱা ৰে’লেৱে ট্ৰেকত এগৰাকী মহিলাৰ মৃতদেহ প্ৰত্যক্ষ কৰি ষ্টেচন অধীক্ষকক বিষয়টো অৱগত কৰায়৷সেই মতে অধীক্ষকজনে ৰে’ল আৰক্ষীক জনোৱাত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মহিলা গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে৷কিন্তু পৰিচয় উদ্ধাৰ কৰিব নোৱাৰিলে ৰে’ল আৰক্ষী৷ফকিৰাগ্ৰাম ৰে’ল আৰক্ষী সূত্ৰে প্ৰকাশ কৰা মতে পয়চল্লিশৰ্ধো বয়সৰ মহিলা গৰাকীয়ে উজনিমুৱা ৰে’লৰ পৰা পৰি যোৱাৰ পিছতে ঘটনাস্থলীত আকস্মিক মৃত্যুক আকোৱালি লয়৷সম্প্ৰতি ৰে’ল আৰক্ষীয়ে অচিনাক্ত মহিলাগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে কোকৰাঝাৰলৈ প্ৰেৰণ কৰিছে৷

Related Articles

Leave a Reply

Close