অসমগুৱাহাটীযুৱশীৰ্ষ

ড: ভূপেন হাজৰিকা সেতুঁত কুটাঘাট ৰোধিবলৈ নাই উপযুক্ত নিৰাপত্তা ব্যৱস্থা। ডিজিপি মুকেশ সাহাইৰ ঘোষণা অসাৰ প্ৰতিপন্ন

শ্বান্তনু গোস্বামীৰ বিশেষ প্ৰতিবেদন;প্ৰথম খবৰ:সমাগত গণৰাজ্য দিৱসৰ প্ৰাক ক্ষণত উগপ্রন্হীৰ কুটাঘাটৰ আশংকাত সমগ্ৰ ৰাজ্যতে আৰক্ষীৰ নিদ্রাহীন অবস্থাৰ সৃষ্টি হোৱাৰ সময়ত দেশৰ গৌৰৱ স্বৰূপ ডঃ ভূপেন হাজৰিকা সেতুঁত নাই উপযুক্ত নিৰাপত্তা ব্যৱস্থা। পূৰ্বৰ দৰেই সেতুঁৰ দুই মুৰে ছজনকৈ আৰক্ষীয়ে পহৰা দিয়াৰ লগতে এখন বাহনত আৰক্ষীৰ দলে তহলদাৰী পহৰা দিয়াৰ বাহিৰে নাই কোনো তালাছীৰ ব্যৱস্থা । ৯ কিলোমিটাৰৰ অধিক দৈঘ্যৰ সেতুঁৰ তলৰ অংশত মাত্র এটা স্থানতেই আৰক্ষীয়ে পহৰা দি থকা দেখা যায় । বিগত বৰ্ষত বিদ্ৰোহী সংগঠন আলফাই এই সেতুত বোমা নিক্ষেপ কৰাৰ পাছতো শিক্ষা নোলোৱা অসম অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান মুকেশ সাহায়ে দেওবাৰে এই সেতুৰ নিৰাপত্তা ব্যৱস্থা পৰ্যাবেক্ষণ কৰি শদিয়াত উগপ্রন্হীৰ কূটাঘাত ৰোধৰ ব্যৱস্থা সম্পৰ্কে আলোচনাত মিলিত হয় । ইয়াৰ পাছতেই মুখামুখি হোৱা সাংবাদিকক সেঁতুৰ নিৰাপত্তা ব্যৱস্থাত সুৰুঙা নৰখাকৈ কৰা হব আৰু ইতিমধ্যেই এক কম্পেনী সশস্ত্ৰ আৰক্ষীৰ ব্যৱস্থা কৰা হৈছে বুলি ঘোষণা কৰিছিল কিন্তু আজি সন্ধিয়ালৈকে সেতুত কোনো অতিৰিক্ত আৰক্ষীৰ লোক নিয়োগ কৰা দেখা নগল । এই কথাই আৰক্ষী সঞ্চালকপ্ৰধান গৰাকীৰ ঘোষণা অসাৰ প্ৰতিপন্ন কৰিছে । তাৰোপৰি এই স্পৰ্শকাতৰ সময়মতো সেতুঁৰ তলৰ অংশত চেগমেন্টৰ ভিতৰত সোমাই নিৰ্মাণকাৰী নৱযুগ ইঞ্জিনিয়াৰিং কোম্পানীৰ অস্থায়ী বনুৱাই কাম কৰি থকা দেখা গৈছে । ই সেতুঁৰ নিৰাপত্তাৰ দিশত এক প্ৰত্যাহ্বান স্বৰূপ হৈ পৰিছে । ইফালে সেতুঁ সংযোগী পথত ধলা আৰক্ষীয়ে নিচিদ্ৰ তালাছী চলোৱাৰ সলনী যান বাহনৰ পলিউচনৰ প্ৰমাণপত্ৰ পৰীক্ষা কৰি লগত থকা মবাইল পলিউচন ভানৰ পৰা পলিউচনৰ প্ৰমাণপত্ৰ সংগ্ৰহৰ বাবে বাধ্য কৰোৱাহে দেখা গল । দেশৰ দীৰ্ঘতম সেতুঁত এনে সোপাঢিলা নিৰাপত্তা ব্যৱস্থা প্ৰতক্ষ কৰি ঘটনা ঘটাৰ পাছতহে অসম আৰক্ষীৰ গালৈ হুচ অহাৰ বিষয়ে চৰ্চ্চা লাভ কৰিছে সচেতন মহলত ।

Related Articles

Leave a Reply

Close