অসমশীৰ্ষ

অইলৰ তৈল খাদত ভয়ংকৰ বিস্ফোৰণ, অহৰহ নিৰ্গত গেছ

দুলীয়াজান ,প্ৰথম খবৰ:
দুলীয়াজানৰ সমীপৰ বৰডুবিৰ লোহালি ১ নম্বৰ অইলৰ খাদত আজি ভয়ংকৰ বিস্ফোৰণ ঘটে । বিস্ফোৰণৰ ফলত অহৰহ গতিত গেছ নিৰ্গমন হোৱাত আতংকিত হৈ পৰে স্হানীয় ৰাইজ । ঘটনা অনুসৰি , সমীপৰে কেইবাখনো চাহ বাগিচাৰ শ্ৰমিক তথা তেল চুৰি চক্ৰই উক্ত খাদটোত অভিনৱ কৌশলেৰে তেল চুৰি কৰি থকাৰ সময়তে বিস্ফোৰণটো সংঘটিত হয় বুলি স্হানীয় ৰাইজে জানিবলৈ দিয়ে । অৱশ্যে এই ঘটনাত কোনো লোক হতাহত হোৱা নাই । ঘটনাস্হলীত অইলৰ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হয় যদিও বহু পলমকৈ অইলৰ বিষয়া উপস্থিত হোৱাত ৰাইজ উওেজিত হৈ পৰে । পিছত অইলৰ বিভাগীয় বিষয়া -কমৰ্চাৰীয়ে কেইবাঘন্টা সময় ধৰি চলোৱা প্ৰচেষ্টাত গেছ নিৰ্গমণ বন্ধ কৰিবলৈ সক্ষম হয় । ৰাইজৰ অভিযোগ অনুসৰি অইলৰ তৈল খাদটোত তিনিটাকৈ মূল্যবান এস্কমাচটি আছে যদিও অইল কৰ্তৃপক্ষই সুৰক্ষাৰ বাবে কোনো নিৰাপত্তাৰক্ষীলোকক মোতায়েন কৰা নাছিল । যাৰ ফলত দিনে-নিশাই তেল চুৰি চক্ৰই তেল চুৰি কাৰ্য সংঘটিত কৰি আহিছে । ইফালে অইলে উদ্যোগ প্ৰতিষ্ঠানটোৰ নিৰাপত্তাৰ নামত বছৰি প্ৰায় কোটি কোটি টকা ব্যয় কৰি আহিছে যদিও তেল চুৰি কাৰ্য্য ৰোধ কৰিবলৈ আজিকোপতি সক্ষম হোৱা নাই ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close