Home / অসম / অত্যাধিক পানী সেৱন কৰাটো জটিল ৰোগৰ কাৰক হ’ব পাৰে:ডা: পৰমেশ্বৰ আৰোৰা

অত্যাধিক পানী সেৱন কৰাটো জটিল ৰোগৰ কাৰক হ’ব পাৰে:ডা: পৰমেশ্বৰ আৰোৰা

নিউজ ডেস্ক,প্ৰথম খবৰ:“পানীয়েই প্ৰাণীৰ প্ৰাণ”-কথাষাৰ কিমান যুক্তি সংগত! পানী অমৃত যদিহে ইয়াক সঠিকভাৱে গ্ৰহণ কৰা হয়,অন্যথা ই বিষস্বৰূপ। এই সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ সংবাদমেলৰ আয়োজন কৰা হয় গুৱাহাটী প্ৰেছ ক্লাৱত। সংবাদমেলখনত উপস্থিত থাকে দিল্লীৰ ‘ছাৰ গংগাৰাম হাস্পাতাল’ত কৰ্মৰত আয়ুৰ্বেদিক বিভাগৰ এম.ডি. ডা: পৰমেশ্বৰ আৰোৰা।

সংবাদমেলত উপস্থিত থাকি ডা: আৰোৰাই কয় যে- “অত্যাধিক পানী সেৱন শৰীৰৰ কাৰণে হানিকাৰক”-এই কথা পৌৰাণিক বেদ উপনিষদত উল্লেখ কৰা হৈছে। বেদ উপনিষদৰ মতে সুস্বাস্থ্যৰ বাবে নুন্যতম প্ৰয়োজনীয় পানীখিনিৰহে প্ৰয়োজন। পিয়াহ লগা সময়ত এবাৰতেই বেছি পানী সেৱন কৰিলে মধুমেহ,ৰক্তচাপজনিত ৰোগ আদি উৎপন্ন কৰিব পাৰে।

প্ৰথম খবৰৰ সাংবাদিকৰ আগত প্ৰকাশ কৰা মতে,এজন স্বাস্থ্যবান মানুহে গাখীৰ,চাহ,কফিকে আদি কৰি দিনটোত প্ৰায় ১.৫ লিটাৰ পানী গ্ৰহণ কৰিব লাগে আৰু যিজন ব্যক্তিয়ে ২৪ ঘন্টাৰ ভিতৰত প্ৰায় ১ লিটাৰ পৰ্যন্ত মূত্ৰ ত্যাগ কৰিলে শৰীৰত জুলীয়া দ্ৰৱ পৰ্যাপ্ত পৰিমাণে লাভ কৰিবলৈ সক্ষম হৈছে বুলি উমান কৰিব পৰা যায়।

ইতিমধ্যে ডা: আৰোৰাই আয়ুৰ্বেদিক দৃষ্টিৰে পানী সেৱন কৰা দিশটোৰ ওপৰত ভিত্তি কৰি বহুকেইখন কিতাপ লিখি উলিয়াইছে। আৰু সৰ্বসাধাৰণৰ ৰাইজৰ পানী সেৱনৰ প্ৰক্ৰিয়াটো যাতে শুদ্ধ হয় সেই কথালৈ লক্ষ্য ৰাখি ভাৰতৰ লগতে বিশ্বৰ বিভিন্ন ঠাইত কৰ্মশালাৰ আয়োজন কৰিছে। দেশৰ বিভিন্ন প্ৰান্তৰ সাংবাদিক সকলৰ লগত এই গুৰুত্বপূৰ্ণ দিনটোক প্ৰচাৰ আৰু প্ৰসাৰৰ সুবিধাৰ বাবে সংবাদমেলৰ আয়োজন কৰিছে। আজি গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত হোৱা সংবাদমেলখন ৬৭তম সংবাদমেল। ইয়াৰ পিছতো তেওঁ বিভিন্ন ৰাজ্যত এই প্ৰক্ৰিয়া অব্যাহত ৰাখিব বুলি প্ৰকাশ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*