শেহতীয়া
Home / অসম / অথলে গ’ল বনমন্ত্ৰীৰ প্ৰতিশ্ৰুতি 

অথলে গ’ল বনমন্ত্ৰীৰ প্ৰতিশ্ৰুতি 

দ্বীপজ্যোতি ৰায়ৰ বিশেষ প্ৰতিবেদন,প্ৰথম খবৰ: সময় ২০১৭ চনৰ ১৪ ফেব্ৰুৱাৰী। প্ৰেমৰ দিন ভেলেণ্টাইন ডে’ ৰ আনন্দ-উল্লাহত ব্যস্ত সকলো,উৎসাহৰ উম্নাদনাত যেন ক্ষনিক সময়ৰ বাবে অবৰুদ্ধ ঘূৰণীয়া পৃথিৱীৰ অপ্ৰতিৰোধ্য গতি। কিন্তু সেই আনন্দ উল্লাসৰ মায়াময় দিনটোতেই হঠাৎ আহিছিল এটা দুখৰ খবৰ!

কাজিৰঙাৰ বাগৰি ৰেঞ্জত কৰ্মৰত অৱস্থাতে গড়ঁৰ আক্ৰমণত নিহত এজন বনৰক্ষী, নাম গৌতম বৰুৱা। বঙাইগাওঁ জিলাৰ উত্তৰ শালমাৰা মহকুমাৰ সৃজনগ্ৰাম গাওঁ পঞ্চায়তৰ অন্তৰ্গত ২নং বৰঘোলা গাওঁৰ এজন সৰবৰহী যুৱক। সৃজনগ্ৰাম আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক হিচাপে অঞ্চলটোৰ বিভিন্ন ক্ষেত্ৰত জড়িত থকা উদীয়মান যুৱকজনৰ মৃত‍্যুত শোকস্তব্ধ হৈ পৰিছিল সমগ্ৰ অঞ্চল। বিভিন্ন দল-সংগঠনে, নেতাৰে ভৰি পৰিছিল মৃতকৰ পৰিয়ালৰ। পুত্ৰহাৰা পিতৃ – মাতৃৰ দুখৰ সমভাগী হৈছিল সকলো, আহিছিল অসম চৰকাৰৰ বনমন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম। মৃতকৰ প্ৰতি শেষ শ্ৰদ্ধা জনাবলৈ সৃজনগ্ৰাম মজলীয়া বিদ্যালয়ৰ খেলপথাৰত সজা অস্থায়ী বেদীত মৃতকক অন্তিম শ্ৰদ্ধা জনাই সাংবাদিক তথা ৰাইজৰ সম্মুখত স্বয়ং বনমন্ত্ৰীয়ে উদাত্ত কণ্ঠে ঘোষণা কৰিছিল গৌতম বৰুৱাৰ কনিষ্ঠা ভগ্নী ধৰিত্ৰী বৰুৱাক বনবিভাগত চাকৰি দিয়াৰ কথা। কিন্তু সময় বাগৰিল পৰিৱৰ্তনশীল সময়ৰ পৰিৱৰ্তনত যেন পৰিৱৰ্তন হ’ল বনমন্ত্ৰীৰ ঘোষণা অথলে গল প্ৰতিশ্ৰুতি। আজিও চাকৰি নাপালে নিহত বনকৰ্মী গৌতম বৰুৱাৰ কনিষ্ঠা ভগ্নী ধৰিত্ৰী বৰুৱাই। যাৰ বাবে আজি এটা বছৰ পাৰ হোৱাৰ পিছতো এমুঠি ক্ষীণ আশা লৈয়ে চৰকাৰৰ মুখলৈ বাট চাই আছে পৰিয়ালটোৱে।

অৱশ্যে এই এটা বছৰে বনমন্ত্ৰীক কেবাবাৰো লগো ধৰিছিল দুৰ্ভগীয়া পৰিয়ালটোৱে কিন্তু সকলো ফুটুকাৰ ফেন। আজিও প্ৰতিশ্ৰুতি পূৰণ নকৰিলে বনমন্ত্ৰীয়ে। এতিয়া সকলোৰে প্ৰশ্ন, প্ৰতিশ্ৰুতি পূৰণ কৰিবনে বনমন্ত্ৰীয়ে? আঁতৰ হ’বনে নিহত গৌতম বৰুৱাৰ পৰিয়ালৰ দুখৰ কলীয়া ডাঁৱৰ? নে ৰাজনৈতিক নেতাৰ মিছা প্ৰতিশ্ৰুতিবোৰৰ দৰে মিথ্যাচাৰে হৈ ৰৱ বনমন্ত্ৰীৰ উদাত্ত ঘোষণা?

Leave a Reply

Your email address will not be published. Required fields are marked *

*