অসমশীৰ্ষ

অনুপ চেতিয়া বাংলাদেশীৰ এজেণ্ট: আটছা

কাজিৰঙাৰ পৰা ৰাজেশ বেলোৱাৰ,প্ৰথম খবৰ: চাহ জনগোষ্ঠীৰ লোক সকল অসমৰ খিলঞ্জীয়া নহয় বুলি খিলঞ্জীয়া মঞ্চৰ আহ্বায়ক তথা আলফাৰ সম্পাদক অনুপ চেতিয়াই কৰা মন্তব্যৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে অসম চাহ জনজাতি ছাত্ৰ সন্থা ৷ মঙলবাৰে কাজিৰঙাৰ কহঁৰাত অনুষ্ঠিত এক সংবাদ মেলত সংস্থাৰ কেন্দ্ৰীয় নেতৃত্বই মন্তব্য কৰে যে অসমত চাহ জনগোষ্ঠীৰ ইতিহাস আছে ৷ অসমৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰামত চাহ জনগোষ্ঠীৰ ৰাইজৰ অৱদানৰ উদ্ধৃতি দি আটচাৰ সম্পাদক গৰাকীয়ে মন্তব্য কৰে যে, আলফাৰ সশস্ত্ৰ সংগ্ৰামত অনুপ চেতিয়া বাংলা দেশত থকা অৱস্থাত অসমলৈ বেছি অবৈধ বাংলা দেশীৰ প্ৰৱৰ্জন  ঘটিল ৷ অনুপ চেতিয়াৰ মন্তব্যই অসম চুক্তিক অৱমাননা কৰিছে ৷ তেওঁ কেতিয়াও অবৈধ বাংলাদেশীৰ বিৰুদ্ধে মাত মতা নাই ৷ সংবাদ মেলত অনুপ চেতিয়াক বাংলাদেশীৰ এজেণ্ট আখ্যা দি আটচাৰ নেতৃত্বই কয় যে, এনে ধৰণৰ মন্তব্যৰে চেতিয়াই অসমত বিশৃংখল পৰিৱেশৰ সৃষ্টি কৰি এন আৰ চি প্ৰস্তুতকৰণ প্ৰক্ৰিয়া স্তব্ধ কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰিছে ৷ আটচাৰ অনুপ চেতিয়ালৈ পোনপটীয়া প্ৰশ্ন অসমৰ চাহ জনগোষ্ঠীক বাদ দি অসমীয়া কোন স্পষ্ট কৰক ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close