অসমশীৰ্ষ

অভিযুক্তক আটক কৰিব নোৱাৰাত ৰাজপথত জ্বলিল টায়াৰ

মেৰাপানীৰপৰা দিপু মেচ,প্ৰথম খবৰঃ ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰিছে মেৰাপানীৰ ফেচবুক কাণ্ডই। বিগত পাচঁটা দিনেও জন্মদাত্ৰী মাতৃক লৈ বিতৰ্কিত মন্তব্য কৰা আব্দুল আজিজ নামৰ খলনায়কক গ্ৰেপ্তাৰ কৰিব নোৱাৰাৰ প্ৰতিবাদত মঙলবাৰেও তীব্ৰ প্ৰতিবাদ সাৱস্ত্য কৰে শ শ প্ৰতিবাদকাৰীয়ে। ইফালে ফেচবুক কাণ্ডৰ দোষীক কৰায়ত্তৰ দাবীত মঙলবাৰে অনুসূচীত জাতি ছাত্ৰ সন্থাই আহ্বান কৰা ১২ ঘন্টীয়া গোলাঘাট জিলা বন্ধত পৰিস্থিতি অধিক ভয়ঙ্কৰ হৈ পৰিছে।

ক্ষুব্ধ প্ৰতিবাদকাৰীয়ে মেৰাপানী-গোলাঘাট আৰু নাগালেণ্ড সংযোগী পথত অৱৰোধ কৰি, ৰাজপথত টায়াৰ জ্বলাই সমগ্ৰ পৰিৱেশ উত্তাল কৰি তুলিছে। এই ঘটনাৰ পাছতেই মেৰাপানী অঞ্চলত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অধিক আৰক্ষী, চি আৰ পি এফ বাহিনীৰ মোতায়েন কৰা হৈছে যদিও প্ৰতিবাদকাৰীৰ সন্মূখত আৰক্ষী প্ৰশাসন অসহায় হৈ পৰিছে।

উল্লেখ্য যে, বিগত পাঁচ দিনেও অভিযুক্তক আটক কৰিব নোৱাৰা গোলাঘাট আৰক্ষীৰ ব্যৰ্থতাৰ বাবেই মেৰাপানীৰ পৰিস্থিতি অগ্নিগৰ্ভৰ হৈ পৰিছে আৰু পৰৱৰ্তী সময়ত অধিক জংগী ৰূপ ধাৰণ কৰাৰ সম্ভাৱনাই দেখা দিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close