বিনোদন

অষ্ট্ৰেলিয়াত মহানায়কৰ পুত্ৰৰ ৪২ তম জন্মদিন উদযাপন

নেচনেল ডেস্ক,প্ৰথম খবৰ: বলীউডৰ অভিনেতা অভিষেক বচ্চনে আজি ৪২ বছৰত ভৰি দিলে৷ ১৯৭৬ চনৰ ৫ ফেব্ৰুৱাৰীত অমিতাভ বচ্চন আৰু জয়া বচ্চনৰ পৰিয়ালত জন্মগ্ৰহণ কৰা অভিষেক বচ্চনৰ এই জন্মদিনত পিতা অমিতাভ বচ্চনৰ লগতে তেওঁৰ বন্ধুবৰ্গই তেওঁক জ্ঞাপন কৰে জন্মদিনৰ অলেখ শুভকামন ৷২০০০ চনত ছবি ‘ৰিফুজী’ৰ জৰিয়তে ছবি জগতলৈ ঢাপলি মেলা ‘গুৰু’,’ধুম’, ‘বন্তী ঔৰ বাব্‌লী’,’য়ুবা’, ‘দোস্তানা’, ‘সৰকাৰ’, ‘পা’, ‘কভী অলবিদা না কেহনা’ তেওঁৰ জীৱনৰ আটাইতকৈ জনপ্ৰিয় ছবি৷ এইগৰাকী জনপ্ৰিয় অভিনেতাই আজি তেওঁৰ এই ৪২ বছৰীয়া জন্মদিন পত্নী ঐশ্বৰ্য্য আৰু জীয়ৰী আৰাধ্যাৰ সৈতে উদযাপন কৰি আছে অষ্ট্ৰেলিয়াত৷

ইফালে নিজৰ পুত্ৰৰ জন্মদিনত কেইবাখনো ফটো একেলগ কৰি পিতৃ অমিতাভ বচ্চনে উল্লেখ কৰে যে “এটা সময় আছিল যেতিয়া পিতৃয়ে পুত্ৰক হাতত ধৰি ফুৰিছিলো কিন্তু এতিয়া পুত্ৰইহে পিতৃৰ হাতত ধৰি ফুৰে!”

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close