শেহতীয়া
Home / গেলেৰী / ফটো ফিচাৰ / অসমীয়াই ছবিৰ মোল নুবুজে, ‘কেৰেক্টাৰলেছ’ শিল্পী সৃষ্টিশ্ৰী

অসমীয়াই ছবিৰ মোল নুবুজে, ‘কেৰেক্টাৰলেছ’ শিল্পী সৃষ্টিশ্ৰী

ক্ষমা কৰিব, কোনো শিল্পী বা স্ৰষ্টাক কেৰেক্টাৰলেছ বা চৰিত্ৰহীন বুলি কোৱাৰ ধৃষ্টতা আমাৰ নাই। কিন্তু বহু সময়ত কিছুমান বিশেষ সৃষ্টিৰ বাবে ককৰ্থনাৰ সন্মুখীন হ’বলগীয়া হয়। তেনে এগৰাকী হৈছে সৃষ্টিশ্ৰী ৰাজগুৰু। কোট আনকোট কেৰেক্টাৰলেছ। সৃষ্টিশ্ৰীয়ে এই অনাকাংক্ষিত অভিধাটো পাইছিল এখন ছবিৰ বাবে। এইবোৰে কিন্তু স্তব্ধ কৰিব নোৱাৰে তেওঁক। সেইবাবেই ৰাজহুৱাভাৱে তেওঁ কৈয়েই পেলালে, “মোৰ যি মন যায় মই তাকেই আঁ‌কিম”। এইগৰাকী শিল্পী আজি মুখামুখি হৈছিল প্ৰথম খবৰৰ সৈতে। তেওঁৰ সৈতে হোৱা কথা-বতৰাৰ কিছু অংশ প্ৰথম খবৰৰ পাঠকলৈ আগবঢ়ালোঁ।

 প্ৰথম খবৰ: পেইণ্টিং বা কলা সম্পৰ্কে আপোনাৰ ধাৰণা কি বা ই কেনে হোৱা উচিত?

সৃষ্টিশ্ৰী ৰাজগুৰু: মোৰ বাবে কলা সদায়েই মুক্ত। কিবা এটা বান্ধোনৰ মাজত থকাটোক কেতিয়াও মই কলা বুলি নকওঁ বা ক’ব নোৱাৰি।

আপুনি কেতিয়াৰপৰা আঁকি আহিছে আৰু কোনটো ফৰ্ম আপুনি ভালপায়?

মই বহুত কম বয়সতে ছবিৰ আঁকিবলৈ আকৰ্ষিত হৈছিলো। অৱশ্যে মাজতে এৰি দিছিলোঁ। বিগত দুবছৰমানৰপৰা পুনৰ ছিৰিয়াছলী আৰম্ভ কৰিছোঁ। মই সকলো ফৰ্মেই ভালপাওঁ। তাৰ মাজতে ছুৰিয়েলিজমে মোক বেছিকৈ আকৰ্ষিত কৰে।

প্ৰথম খবৰ: ছুৰিয়েলিজম কিয়? ছুৰিয়েলিজম ভালপায় বাবেই ছালভাডৰ দালি আপোনাৰ প্ৰিয় নেকি?

মোৰ ধাৰণা হয়, এইটো ফৰ্মত যুক্তিলব্ধ চিন্তাতকৈ কল্পনাক বেছি প্ৰাধান্য দিয়া হয়। আচৰিত, সপোন সপোন লগা আৰু অসাধাৰণ বস্তুবোৰ মোৰ বৰ ভাল লাগে। প্ৰিয় শিল্পী বুলি ক’বলৈ গ’লে বহুত শিল্পীয়েই মোৰ প্ৰিয়। দালিক ছুৰিয়েলিজমৰ বাবে ভাল লাগে। আৰু তেওঁৰ মোচকোছাত কিবা ৰহস্য লুকাই থকা যেন লাগে।

হয়, দালিৰ যেন মোচকোছাই চিনাকি।

তেওঁ জীয়াই থকাহেঁতেন, সেই মোচকোছাত ওলমি থাকিলোঁহেঁতেন।

ছালভাডৰ দালি।

দালিৰ কোনখন ছবি আটাইতকৈ প্ৰিয়, আৰু কিয়?

মোৰ প্ৰিয় দ্য ব্লিডিং ৰোজেছ। তাত মহিলা এগৰাকীৰ স্ত্ৰীৰোগ সম্পৰ্কীয় সমস্যা, ঋতুচক্ৰৰ সমস্যা আদি বৰ ভালকৈ দেখুওৱা হৈছে। এক যোগাত্মকভাৱেৰে তেওঁ দেখুৱাইছে। ছবিখনৰ নামটোৱে ইয়াক স্পষ্ট ৰূপত প্ৰকাশ কৰিছে।

ছালভাডৰ দালিৰ বিখ্যাত পেইণ্টিং দ্য ব্লিডিং ৰোজেছ।

 দালিৰ সৃষ্টিত ন্যুডিটী বৰ স্পষ্ট। সেই সম্পৰ্কে কি কয়?

সেই সম্পৰ্কে মোৰ ক’বলগীয়া একো নাই। যিহেতু মই নিজেই ন্যুডিটী ভালপাওঁ।

 আপুনি আপোনাৰ পেইণ্টিঙতো ন্যুডিটী ব্যৱহাৰ কৰিছে

হয়, কৰিছোঁ। ফিগাৰ প্ৰেকটিছ কৰিবলৈ ন্যুড আঁকিয়ে থাকিবলগীয়া হয়। কিন্তু সম্পূৰ্ণ ছবি হিচাপে অৱশ্যে কম আঁকিছোঁ।

আপোনাৰ কেতিয়াবা এনেকুৱা লাগেনে যে অসমীয়া মানুহে এতিয়াও ভালকৈ ছবিৰ মোল বুজিবলৈ সক্ষম হোৱাই নাই।

লাগে। অৱশ্যে এই অভিযোগেৰে সকলোকে সাঙুৰি লোৱা নাই। বহু সংখ্যক লোক আছে সৃষ্টিৰ মোল নুবুজা। মই নিজৰ ক্ষেত্ৰতে এনে প্ৰমাণ পাইছোঁ। অকল মই ন্যুড অঁকা লৈয়েই নহয়, মই কিবা কনচেপচুৱেল আঁকিলেই সেইবোৰ বহুতে আৰ্ট বুলিয়েই নাভাবে। সমাজত ঘটি থকা ঘটনাবোৰেই মই যদি কেতিয়াবা ছবিৰ মাধ্যমেৰে দেখুৱাও, তাতো কিছুমানৰ আপত্তি। কিন্তু এইটো কথাও উল্লেখ কৰিব লাগিব যে বহুতে মোক উৎসাহ-উদ্দীপনাও দিয়ে।

আনহাতে ন্যুড আঁকিলে অদ্ভুত মন্তব্য কিছুমান কৰিব। গতিকে এই গোটেইবোৰ কথা ধৰি এইটোকেইই ক’ম যে কিছুসংখ্যক অসমীয়া মানুহে আৰ্ট বুজি নাপায়।

এই পৰিৱেশ সলনি কৰিবলৈ কি কৰিব লাগিব বুলি ভাবে?

 মানসিকতা সলনি কৰাটোৱেই হৈছে প্ৰথম কথা। কিন্তু মানুহক আমিতো কৈয়ো থাকিব নোৱাৰোঁ যে বস্তুবোৰ এনেকুৱা বা তেনেকুৱা। আমি কোৱাৰ সময়ত হয়তো মানুহে বুজি পাব, কিন্তু পাছৰ সময়বোৰত আন কাৰোবাৰ কথা শুনি আকৌ একেটা কথাতে লাগি থাকিব। সকলোৱে যদি নিজে বুজিবলৈ চেষ্টা কৰে, অলপ গভীৰভাৱে যদি কথাবোৰ উপলব্ধি কৰে, তেন্তে মানসিকতা সলনি হৈ পৰিব। এই মানসিকতা সলনি কৰাটো অৱশ্যে সম্পূৰ্ণ ব্যক্তিগত কথা। আমি অঁকাটো আঁকিয়ে যাম, আঁকিয়ে থাকিম। আৰ্ট বস্তুটোৱেই এনেকুৱা যিয়ে আপোনাক কিবা এটা ভাবিবলৈ বাধ্য কৰায়। কেতিয়াবা চিন্তাৰ ক্ষেত্ৰত কিবা এটা খেলিমেলিৰো সৃষ্টি কৰে।

অসমীয়া শিল্পীৰ মাজতো নতুন নতুন সম্পৰীক্ষা চলিছে। হাইপাৰ ৰিয়েলিজমৰ দৰে আপেক্ষিকভাৱে নতুন জ’নাৰতো অসমীয়া শিল্পীয়ে ছবি আঁকিবলৈ আৰম্ভ কৰিছে। মোৰ ব্যক্তিগত ধাৰণা, এইবোৰে অসমলৈ যোগাত্মক পৰিৱৰ্তন আনিব। এতিয়া কথাটো হল নতুনকৈ এই শিল্পৰ মাজলৈ অহাসকলক আপুনি কি কব বিচাৰে?

 হাইপাৰ ৰিয়েলিজম এতিয়া বহুতেই ট্ৰাই কৰিছে। আনকি ময়ো আঁকোঁ। কিন্তু হাইপাৰ ৰিয়েলিজমে অকল হাতখনহে পৰিপক্ব কৰিব, মানসিকতা নহয়। নতুনকৈ আৰ্টৰ ক্ষেত্ৰখনলৈ অহাসকলক এটা কথাই ক’ম, যিয়েই আঁকা সম্পূৰ্ণ নিষ্ঠাৰে আঁকিবা।

যিটো জ’নাৰকেই বাছি লোৱা সেইটোতে দক্ষতা অৰ্জন কৰিবলৈ অহোপুৰুষাৰ্থ কৰা আৰু নিজকে এটা সুকীয়া পৰিচয় দিবলৈ যত্ন কৰা। কিন্তু আনৰ ছবিবোৰ চাওঁতে বা বুজোতে তেওঁলোকৰ দৰে হ’বলৈ চেষ্টা নকৰাটোৱেই ভাল।

ছবিৰ সৈতে আপোনাৰ মনত থকা তিতা মিঠা অভিজ্ঞতাৰ কথা কবনে?

মিঠা অভিজ্ঞতা মানে, মই নতুন কিবা এখন অঁকাটোৱেই এটা মিঠা অভিজ্ঞতা হৈ পৰে। মোৰ এজন আদৰ্শ আছে, তেওঁৰ নামটো হৈছে বিলাস নায়ক। মই তেওঁলৈ এবাৰ এখন ছবি আঁকি পঠিয়াই দিছিলো। তেওঁ তিনি-চাৰিদিনৰ পিছত উত্তৰ দিছিল আৰু মই অঁকা ছবিখন টুইটাৰত শ্বেয়াৰ কৰিছিল। সেয়া মোৰ বাবে অতি ডাঙৰ কথা। মোৰ লগৰখিনিৰ সৈতে লগে-ভাগে কাম কৰা সময়খিনি মোৰ বাবে মিঠা অভিজ্ঞতা।

বিলাস নায়কৰ টুইটৰ স্ক্ৰীনশ্বট।

তিতা বুলি ক’বলৈ গ’লে মই যেতিয়া কনচেপচুৱেল ছবি আঁকোঁ, তেতিয়া বহুতে ব্যক্তিগতভাৱে মেছেজ দি বেয়াকৈ কয়। এজনে এখন ছবিৰ বাবে মোক ‘কেৰেক্টাৰলেছ’ বুলিও কৈছিল। বহুতে ভালকৈও মেছেজ দিয়ে, কিন্তু বেয়াকৈয়ে বেছি আহে।

সৃষ্টিশ্ৰীৰ সৃষ্টি।

খং উঠেনে?

খং দুদিনমান উঠিছিল। আজিকালি হাঁহি উঠে।

ধন্যবাদ, সময় দিয়াৰ বাবে।

ধন্যবাদ

Leave a Reply

Your email address will not be published. Required fields are marked *

*