অসম

অসম সাহিত্য সভাৰ চতুঃসপ্ততিতম অধিৱেশনত জয়ন্ত জান শইকীয়াৰ কাব্যগ্ৰন্থ উন্মোচন

মংগলদৈৰপৰা নিৰঞ্জন শইকীয়া,প্ৰথম খবৰ: অসম সাহিত্য সভাৰ চতুঃসপ্ততিতম বুঢ়ীদিহিং -বৰডুমচা অধিৱেশনৰ আজি মুকলি সভাত দৰঙৰ দেওমৰনৈৰ জয়ন্ত জান শইকীয়াৰ কাব্যগ্ৰন্থ বাংলা ঘৰ বাংলাদেশী উন্মোচন কৰে । কাব্যগ্ৰন্থ খনি উন্মোচন কৰে ধাৰাপুৰৰ পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ বলেন্দ্ৰ কুমাৰ দাসে। উদীয়মান কবি সাহিত্যিক গৰাকীক দৰং জিলা সাহিত্য সভাৰ সম্পাদক মুকুট চন্দ্ৰ হাজৰিকা, দেওমৰনৈ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি নিৰঞ্জন শইকীয়াই শুভেচ্ছা জ্ঞাপন কৰিছে। আজিৰ মুকলি সভাত অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি ড০ পৰমানন্দ ৰাজবংশী, সাহিত্যিকি জয়শ্ৰী মহন্ত গোস্বামী ৰ লগতে অসমৰ বিশিষ্ট সাহিত্যিক সকলৰ উপস্থিতিত কাব্যগ্ৰন্থ খনি উন্মোচন কৰে। উপস্থিত থকা সকলোৱে উদীয়মান সাহিত্যিক গৰাকীলৈ শুভেচ্ছা জ্ঞাপন কৰে।

Related Articles

Leave a Reply

Close