অসম

আজিও ন্যায়ৰপৰা বঞ্চিত বনকৰ্মীৰ গুলিত প্ৰাণ হেৰুওৱা  মনিৰুদ্দিনৰ পৰিয়াল

প্ৰথম খবৰ, ৰূপহীহাট: নগাঁও জিলাৰ ৰূপহীহাটৰ অন্তৰ্গত কঠালগুৰিৰ মনিৰ উদ্দিনে বনৰক্ষীৰ গুলিত প্ৰাণ দিয়া আজি পাঁচটা মাহ অতিক্ৰম কৰিলে যদিও চৰকাৰৰ ফালৰ এতিয়াও সামান্যতমো সহানুভূতিৰ পৰা বঞ্চিত হৈ দুৰ্বিসহ জীৱন পাৰ কৰিবলগীয়া হৈছে। বিগত বৰ্ষৰ ১৯ ছেপ্তেম্বৰত গৰু চৰাবলৈ গৈ লাওখোৱাৰ বনৰক্ষীৰ গুলিত নিহত হৈছিল মনিৰ উদ্দিন। জাবেদ আলীৰ পুত্ৰ তথা পৰিয়ালৰ একমাত্ৰ উপাৰ্জনক্ষম মনিৰৰ মৃত্যুৰ পাছত পত্নীসহ চাৰিটাকৈ সন্তানে এতিয়া নানান অভাৱ অনাটনৰ মাজেৰে দিন কটাব লগা হৈছে। উল্লেখ্য যে বিগত বৰ্ষৰ ১৯ ছেপ্তেম্বৰত মাছৰীয়াৰ সন্দেহত লাওখোৱা অভয়াৰণ্যৰ ৰৌমাৰী বিলৰ অনতৰ্গত মনিৰুদ্দনিৰ বাহগৃহ সংলগ্ন কঠাল গুৰিত অইন দিনাৰ দৰে গৰু চৰাই থাকোতে একাংশ বনকৰ্মীয়ে অবৈধ মাছমৰীয়াৰ সন্দেহত নিৰ্বিচাৰ গুলি চালনা কৰি আন দুজনলোকক আহত কৰাৰ লগতে মনিৰ উদ্দিন নিহত হৈছিল। ইয়াৰ পাছতে মনিৰ উদ্দিনৰ ঘৈনীয়েক হাবিজা খাতুনে বনকৰ্মীৰ বিৰুদ্ধে জুৰীয়া থানাত ভাৰতীয় দণ্ডবিধিৰ ৪/৫/৩০৩/৩৪১ ধাৰাত ৪৬৮/১৭ নম্বৰত এক গোচৰ ৰুজু কৰিছিল। কিন্তু আজি কেইবাটাও মাহ অতিক্ৰম কৰিলে যদিও দিনৰ পোহৰত নীৰিহ লোকক গুলিয়াই হত্যা কৰা সেই ঘটনাৰ লগত জড়িত কোনো এজনৰ বিৰুদ্ধে প্ৰশাসনে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ সক্ষম নহল। ইফালে সৱকা সাথ সৱকা বিকাশৰ লগতে সংবেদনশীল বুলি দাবী কৰা বৰ্তমান ৰাজ্য চৰকাৰেও এই বিষয়টো সন্দৰ্ভত অলপো সংবেদনশীল হোৱা পৰিলক্ষিত নহল। পৰিয়ালটোৰ খবৰ নোলোৱাৰ বিপৰীতে বনকৰ্মীৰ অত্যাচাৰত প্ৰাণ দিয়া লোকজনৰ পৰিয়ালকো কোনো সাহাৰ্য প্ৰদানৰ ব্যৱস্থা নকৰিলে। নিয়মমতে কোনো নিৰ্দোষী এইধৰণৰ ঘটনাত ক্ষতিগ্ৰস্থ হলে চৰকাৰে সাহাৰ্য দিব লাগে। কিন্তু ৰূপহীহাটৰ জুৰীয়াৰ এই দুৰ্ভগীয়াৰ পৰিয়ালৰ প্ৰতি চৰকাৰৰ দৃষ্টি নপৰাটোৱে প্ৰকৃততে চৰকাৰৰ জনদৰদী মনোভৱৰ ফোপোলা স্বৰূপ উদঙাই দিছে বুলি চৰ্চা হৈছে । মনকৰিবলগীয়া যে গোচৰ ৰুজু  হোৱা ছমাহ মান হবৰ হল যদিও ইয়াৰ  এতিয়ালৈকে কোনো সমাধান উলিয়াব নোৱাৰাৰ আঁৰতো চৰকাৰী পক্ষৰ গাফিলতিৰ সন্দেহ উঠিছে  । সম্প্ৰতি ভাত কাপোৰ আৰু দৈনন্দিন প্ৰয়োজন পুৰণ কৰিব নোৱাৰি নাৰকীয় জীৱন অতিবাহিত কৰিব লগা হৈছে মৃত মনিৰ উদ্দিনৰ পৰিয়ালটোৱে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close