বিনোদনযুৱ

আপুনি জানেনে? ড্ৰীম লাইট অথবা ক্ষীণ পোহৰে আপোনাৰ মগজুৰ স্মৃতিশক্তি কেনেদৰে হ্ৰাস কৰে?

জ্যোতিশ্ৰী বৈশ্যৰ বিশেষ প্ৰতিবেদন,প্ৰথম খবৰ: ড্ৰীম লাইটৰ কোঠা এটাত বেছি সময় অতিবাহিত কৰাৰ ফলত আপুনি মুখামুখি হ’ব পাৰে এক ভয়ংকৰ পৰিস্থিতিৰ৷ তেনে কোঠাত অধিক সময় কটালে মগজুৰ গঠন সলনি হয় আৰু মনত ৰখা শক্তি হ্ৰাস পোৱাৰ উপৰিও শিকাৰ ক্ষমতা দূৰ্বল হৈ পৰে৷ এই কথা এক গৱেষণাৰ পৰা জানিব পৰা গৈছে৷

USAৰ MICHIGAN STATE UNIVERSITY ৰ গৱেষকসকলে মগজুৰ অধ্যয়ণ কৰিবলৈ গৈ  কেইটামান এন্দুৰ চাৰি সপ্তাহ ধৰি ক্ষীণ পোহৰ আৰু উজ্বল পোহৰত ৰাখিছিল৷ চাৰি সপ্তাহৰ পিছত ক্ষীণ পোহৰত থকা এন্দুৰবোৰৰ মগজুৰ ক্ষমতা ৩০ শতাংশ হ্ৰাস পোৱাৰ কথা জানিব পৰা গৈছিল আৰু উজ্বল পোহৰত ৰখা এন্দুৰবোৰৰ মগজুৰ ক্ষমতাৰ বৃদ্ধিৰ পৰিমাণ আছিল লক্ষ্যণীয়৷ অৱশ্যে পৰবৰ্ত্তী সময়ত কম পোহৰত ৰখা এন্দুৰ কেইটাক পুনৰ উজ্বল পোহৰত ৰাখি মগজুৰ ক্ষমতা বৃদ্ধিৰ গতি তীব্ৰতৰ হোৱা দেখা গৈছিল৷

ইয়াৰ উদাহৰণ দি গৱেষকসকলে কয় যে, কেতিয়াবা ছবিগৃহ অথবা শ্বপিং মলৰ পৰা ওলাই পাৰ্কিঙৰ গাড়ীখন উলিয়াবলৈ বাট বিচাৰি নোপোৱাটোও কম পোহৰত সময় কটোৱাৰ প্ৰভাৱ৷ কম পোহৰে প্ৰত্যক্ষভাৱে মগজুত প্ৰভাৱ নেপেলায়, ই চকুৰে সোমাই প্ৰথমতে মগজুৰ কাষৰ অংশত খুন্দা মাৰে আৰু তাৰ পিছতহে মগজুত প্ৰভাৱ পেলায়৷ গতিকে আমি সকলোৱে কম পোহৰৰ পৰা পাৰ্যমানে আঁতৰত থকাটো উচিত৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close