Home / বিনোদন / উত্তৰ-পূৱৰ অনুসন্ধানেৰে আহি আছে “দা ফল বেক”

উত্তৰ-পূৱৰ অনুসন্ধানেৰে আহি আছে “দা ফল বেক”

গুৱাহাটী আৰু অৰুণাচলৰপৰা সৌৰভ জ্যোতি গোস্বামীৰ বিশেষ প্ৰতিবেদন,প্ৰথম খবৰঃ কেইজনমান যুৱক। আগুৱাইছে এখনি অজান ঠাইলৈ। যাত্ৰাপথত বহু বাধা অতিক্ৰম কৰিছে তেওঁলোকে। তথাপি থমকি ৰোৱা নাই। আগুৱাইছে….. মাথো আগুৱাইছে। কেতিয়াবা বৰফত বাগৰি পৰিছে, আকৌ উঠিছে। তেওঁলোকৰ লক্ষ্য এটাই, যিয়েই নহওঁক…… যাবই লাগিব লক্ষ্যস্থানলৈ। গুৱাহাটীৰপৰা এই যাত্ৰা আৰম্ভ কৰিছে তেওঁলোকে…… কিন্তু তেওঁলোক আচলতে যাব ক’ত ! তেওঁলোকে কিহৰ সন্ধানত নামি পৰিছে, তেওঁলোকৰ আচল লক্ষ্য কি !

দৰাচলতে এইবোৰ এখন নতুন উত্তৰ-পূৱ ভিত্তিক হিন্দী চুটি ছবিৰ দৃশাংশ লোৱাৰ কিছু বিৱৰণহে। কিন্তু ৰ’ব, এই ৰোমাঞ্চকৰ অনুসন্ধানমূলক ছবিখনৰ বাবে আপুনি কিছু অপেক্ষা কৰিব লাগিব। কিয়নো, অতি শীঘ্ৰে আহি আছে চিনে আৰ্ট মোচন পিকচাৰ্ছৰ শেহতীয়া চৰিত্ৰবিহীন চুটি ছবি “দা ফল বেক”।

ছবিখনৰ দৃশ্যগ্ৰহণ ইতিমধ্যে গুৱাহাটীৰপৰা আৰম্ভ হৈ অৰুণাচলৰ এক বিশেষ ঠাইত সমাপ্ত হৈছে। হিন্দী ভাষাৰ এই ছবিখন এজন ল’ৰাৰ জীৱন যাত্ৰাক লৈ নিৰ্মাণ কৰা হৈছে য’ত দৰ্শকে দেখিবলৈ পাব ল’ৰাজনৰ জীৱন যাত্ৰাত ঘটা বিভিন্ন সংঘৰ্ষৰ কাহিনী বিভিন্নধৰণে। যেন এক জীৱন যাত্ৰাৰ জীৱন্ত দলিল। ছবিখনৰ পৰিচালনা উদীয়মান পৰিচালক সুদীপ্ত শৰ্মাৰ। সহকাৰী পৰিচালক হিচাপে আছে জ্যোতি প্ৰকাশ ৰাভা আৰু চক্ৰধৰ বৰকাকতি। ছৱিখনৰ ব্যৱস্থাপনা প্ৰৱন্ধক ক্ষিৰোদ দাস প্ৰমূখ্যে উদীয়মান কণ্ঠশিল্পী অনুপম চৌধুৰীৰ। কাহিনী মানস নেওঁগৰ। আন আন দায়িত্বৰ ভিতৰত চাউণ্ডত আছে গৌতম বৰুৱা, দৃশ্যগ্ৰহণ হীৰু বৰগোহাঁইৰ লগতে ছবিখনৰ ডায়লগ কুকীল প্ৰতীম শইকীয়া, সুদীপ্ত শৰ্মা আৰু মানস নেওঁগৰ।

উল্লেখ্য যে, আহিবলগীয়া এইখন চুটি ছবি হ’ব উত্তৰ-পূৱৰ প্ৰথমখন চৰিত্ৰবিহীন অনুসন্ধানমূলক চুটি ছবি। ছবিখনক লৈ খুবেই আশাবাদী টীম “দা ফল বেক”।

Leave a Reply

Your email address will not be published. Required fields are marked *

*