অসমশীৰ্ষ

উমনি দিবলৈ নালাগে হাঁহ-কুকুৰা,উমনি দিব এনক্লেভট

ধেমাজিপৰা বিজন শৰ্মা,প্ৰথম খবৰ: পেলনীয়া সামগ্ৰীৰে এজন যুৱকে সাজি উলিয়াইছে একেলগে এশ দহটা কণী উমনি দিব পৰা এনক্লেভটৰ৷আনৰ ঘৰৰ পৰা কণী আনি নিজে সজা মেচিনত কণী উমনি দিয়াই ঘৰতে গঢ়ি তুলিছে লোকেল হাঁহ – কুকুৰাৰ বিশাল ফাৰ্ম৷ সাধাৰণতে বজাৰত কিনিবলে পোৱা খৰচি বিলাসী কণী উমনি দিয়া এনক্লেভেটৰৰ তুলনাত তেনেই কম খৰচি এইটো এনক্লেভেটৰ সাজি উলিয়াইছে ধেমাজিৰ এৰাধলৰ দেবজ্যোতি তামুলী নামৰ যুবকজনে৷

ইতিমধ্যে নিজে সজা মেচিনতে কণী উমনি দিয়াই লোকেল হাঁহ-কুকুৰাৰ বিশাল বজাৰ এখন গঢ়ি তুলিছে দেবজ্যোতি তামুলীয়ে৷ কম্পিউটাৰৰ পেলনীয়া সৰু ফেন, ভগা বাকচত প্লেনচেট মাৰি দেৱজ্যোতিয়ে সজা মেচিনটোৰ সকলো সামগ্ৰীয়েই ঘৰৰ মানুহ কিম্বা কম্পিউটাৰৰ মেকানিকে পেলাই দিয়া সামগ্ৰী৷

দেৱজ্যোতিয়ে সাজি উলিওৱা এই কমখৰচি কণী উমনি দিয়া মেচিনে থলুৱা হাঁহ-কুকুৰা পালক সকলক বিশেষভাৱে উপকৃত কৰিব৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close