Home / অসম / ঊষাৰ আলিখোম গাঁৱৰ চেয়াৰমেনক এৰাতিৰ বাবে অপহৰণ,শূন্যলৈ গুলী চালনা দুৰ্বৃত্তৰ

ঊষাৰ আলিখোম গাঁৱৰ চেয়াৰমেনক এৰাতিৰ বাবে অপহৰণ,শূন্যলৈ গুলী চালনা দুৰ্বৃত্তৰ

ঊষা জিলাৰ পৰা অজয় শইকীয়া,নগাবাটঃ 
মঙ্গলবাৰে পুৱাৰ পৰা আৰম্ভ হোৱা ক্ৰয়োদশ নগালেণ্ড বিধান সভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ মাজতে যোৱা নিশা উষা জিলাৰ ৪০ নং বিধান সভা সমষ্টিৰ অন্তৰ্গত আলিখোম গাঁৱৰ এজন বিজেপি সমৰ্থকক কোনো দুৰ্বৃত্তই অপহৰণ কৰি নি আজি দিনত এৰি দিয়া ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰাপ্ত তথ্য মতে, বিজেপি দলৰ এজন সক্ৰিয় কৰ্মী তথা নগালেণ্ডৰ আলিখোম গাঁৱৰ চেয়াৰমেন জুবেন থেং আৰু তেওঁৰ এজন বন্ধুক কালি নিশা কোনো দুৰ্বৃত্তই অপহৰণ কৰি নিয়ে। সামৰিক পোছাকত নিশা অস্ত্ৰ সস্ত্ৰৰে সুসজ্জিত হৈ অহা কেইবাজনীয়া এটা দলে প্ৰথমতে জুবেন থেঙৰ লগত তৰ্কাতৰ্কিত লিপ্ত হয় আৰু পিছত দুই জাইঁ গুলি ফুটাই জুবেন থেং আৰু তেওঁৰ বন্ধুজনক উঠাই লৈ যায় বুলি এক সূত্ৰৰ পৰা জানিব পৰা গৈছে। আজি দিনৰ ভাগত দুয়োজনকে বেলেগ বেলেগ সময়ত দুৰ্বৃত্তৰ দলটোৱে মুকলি কৰি দিয়ে। উল্লেখযোগ্য যে, উক্ত অপহৰণ কাণ্ডত এন এছ চি এন (আই এম) জড়িত  আছে বুলি স্থানীয় একাংশ লোকে সন্দহে প্ৰকাশ কৰিছে যদিও অপহৰণৰ সঠিক কাৰণ নজনাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এলেকাটোত। আনহাতে আজি পুৱাৰ ভাগত এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছিল যদিও নিৰাপত্তাৰক্ষীৰ তৎপৰতাত এলেকাটোত থকা ভোটকেন্দ্ৰ সমূহত শান্তিপূৰ্ণ ভাবেই ভোটদান সম্পন্ন হয় বুলি জানিব পৰা গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*