অসমশীৰ্ষ

কথমপি ৰক্ষা পৰিল ডিগবৈ শোধনাগাৰ

ডিগবৈপৰা মনোৰঞ্জন দাস,প্ৰথম খবৰ: আজি বিয়লি ডিগবৈ শোধনাগাৰৰ এল পি জি ডেচপাচ ইউনিটত এক ভয়াবহ অগ্নিকাণ্ড সংঘটিত হয়। অগ্নিকাণ্ডত দুজন লোক গুৰুতৰভাৱে আহত হয়। কথমপি ৰক্ষা পৰিল ডিগবৈ শোধনাগাৰ। অগ্নিকাণ্ডৰ ফলত সমগ্ৰ ডিগবৈ অঞ্চলত তীব্ৰ চাঞ্চল্য সৃষ্টি হয়।

ঘটনা সংঘটিত হোৱাৰ লগে লগে ডিগবৈ আই অ চি, ডুলিয়াজান অইল ইণ্ডিয়া লিমিটেড, মাৰ্ঘেৰিটা কল ইণ্ডিয়া, অসম গেছ কোম্পানী, নীপকো, নামৰূপ সাৰ কাৰখানাৰ, ডিব্ৰুগড় গ্ৰেছ ক্ৰেকাৰ আদি অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নুমাবলৈ সক্ষম হোৱাত কথমপি ৰক্ষা পৰিল ডিগবৈ শোধনাগাৰ।এইয়া আছিল ডিগবৈ শোধনাগাৰৰ আপাতকালীন (মকড্ৰিল )আখাৰা।

Related Articles

Leave a Reply

Close