অসম

কমাৰগাওঁ বিদ্যুত উপ-সংমণ্ডলৰ গ্ৰাহকৰ সমস্যা সমাধানৰ অৰ্থে অভিযান, ২৫ ফেব্ৰুৱাৰীত বন্ধ থাকিব বিদ্যুৎ যোগান

প্ৰথম খবৰ,খুমটাইঃ গোলাঘাট জিলাৰ কমাৰগাওঁ বিদ্যুৎ উপ-সংমণ্ডলৰ অধিনৰ বিদ্যুৎ গ্ৰাহক সকলৰ দীৰ্ঘদিনীয়া সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত কাৰ্যালয়টোৰ উপ-সংমণ্ডল বিষয়া বুলচন্দ্ৰ ভট্টাচাৰ্য এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। বিষয়া গৰাকীয়ে নিজা প্ৰচেষ্টাৰে মাইক যোগে গাওঁ ভূঞে প্ৰচাৰ চলাই ৰাইজক অভাৱ অভিযোগ দাখিল কৰিবলৈ জনোৱাৰ লগতে বিভিন্ন স্থানত অস্থায়ী সেৱা কেন্দ্ৰ মুকলি কৰি ৰাজহ সংগ্ৰহ কৰা উপৰিও গ্ৰাহকৰ ঘৰে ঘৰে গৈ গ্ৰাহকক সহজ সৰল ভাষাৰে বুজাই বিদ্যুৎৰ বিল পৰিশোধ কৰিবলৈ অনুৰোধ জনাইছে। উপ-সংমণ্ডল বিষয়া গৰাকীয়ে লোৱা পদক্ষেপত ৰাইজৰ বিপুল সহাঁৰি দেখা পোৱা গৈছে। উপ-সংমণ্ডল বিষয়া গৰাকীয়ে গ্ৰাহকসকলৰ বিদ্যুৎৰ বিভিন্ন সমস্যা আৰু অভিযোগ আদি   ৯৪৫৩৫০২৫৪১ নম্বৰত দাখিল কৰিব পাৰিব বুলি জানিবলৈ দিছে।

কমাৰগাওঁ বিদ্যুৎ উপ-সংমণ্ডল বিষয়া বুলচন্দ্ৰ ভট্টাচাৰ্যই সাংবাদিকক জানিবলৈ দিয়া মতে  অহা ২৫ ফেব্ৰুৱাৰী দেওবাৰে পুৱা ৯ বজাৰ পৰা আবেলি ২ বজা পৰ্যন্ত বিদ্যুৎৰ মেৰামতি কামৰ বাবে উপ-সংমণ্ডলৰ অধিনৰ অঞ্চলসমূহত বিদ্যুৎ যোগান বন্ধ থাকিব যদিও ৰাইজক কোনো আগতীয়া জাননী নিদিয়াকৈ পুনৰ বিদ্যুৎ সংযোগ দিয়া হ’ব বুলি জানিবলৈ দিছে।

Related Articles

Leave a Reply

Close