অসমশীৰ্ষ

কলগাছিয়াত দশম শ্ৰেণীৰ ছাত্ৰী অপহৰণ

কলগাছিয়াৰপৰা আব্দুল হাই,প্ৰথম খবৰঃ কলগাছিয়া আৰক্ষী থানা এলেকাৰ চৰিয়ত পুৰত জাহাংগীৰ আলম নামৰ এজন যুৱকে টি এন ডি গ্যানজ্যোতি একাডেমীৰ দশম শ্ৰেণীৰ ছাত্ৰী আমিনা খাতুনক অপহৰণ কৰা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ছাত্ৰী গৰাকীৰ পিতৃ আমজাদ আলীয়ে অভিযোগ কৰা মতে আন দিনাৰ দৰে কালি ছোৱালীজনী  ৰাতিপুৱা মৰ্নিং ওৱাৰ্ক কৰিবলৈ ৰাস্তাত ওলাইছিল । তাৰে সুযোগ বুজি গাঁওখনৰে জাহাংগীৰ আলম নামৰ লম্পট যুৱক জনে ছোৱালী জনীক ৰাস্তাৰ পৰাই ধৰি ভয় দেখুৱাই এখন চাৰিচকীয়া গাড়ীত উঠাই অপহৰণ কৰি নিয়ে।

ঘটনা সংক্ৰান্তত ইতিমধ্যে কলগাছিয়া আৰক্ষী থানাত ১২১ /১৮ গোচৰ ৰুজু কৰা হৈছে বুলি জানিব পৰা গৈছে। লম্পট যুৱকজনক ধৰাৰ বাবে চাৰিওফালে বিচাৰ খোচ কৰি থকা হৈছে যদিও এই পৰ্য্যন্ত কোনো খবৰ ওলোৱা নাই বুলি জানিব পৰা গৈছে। ইফালে যুৱকজনে এ এ মটৰ্চ প্ৰাইভেট লিমিটেডৰো ২ লাখ টকা লৈ গাঁওখনৰ পৰা পলায়ন কৰাৰ অভিযোগ উত্থাপিত হৈছে। কলগাছিয়া আৰক্ষীয়ে ছাত্ৰী অপহৰণকাৰী জাহাংগীৰ আলমক আটক কৰাৰ বাবে অভিযান অব্যাহত ৰাখিছে। এইক্ষেত্ৰত কোনো সদাশয় ব্যক্তিয়ে ছাত্ৰী গৰাকীৰ সংবাদ পালে ৯১০১১৮১৯৪৩ নম্বৰত যোগাযোগ কৰি কলগাছিয়া আৰক্ষী থানাত নাইবা পৰিয়ালৰ লোকক খবৰ দিবলৈ অনুৰোধ জনাইছে।

Related Articles

Leave a Reply

Close