অসম

কলগাছিয়াৰ কোকিলাত ভয়াবহ অগ্নিকাণ্ড

কলগাছিয়াৰপৰা আব্দুল হাই,প্ৰথম খবৰ: কলগাছিয়াৰ সমীপৱৰ্তী বঙাইগাওঁ জিলাৰ কোকিলাত হবিবৰ ৰহমান নামৰ লোকজনৰ ঘৰত এক ঘৰত ভয়াবহ অগ্নিকাণ্ড সংগঠিত হয়।
এই অগ্নিকাণ্ডত হবিবৰ ৰহমানৰ ৩টাকৈ টিনপাতৰ বাস গৃহ, নগত টকা, ধানচাউল সহ কেবালক্ষাধিক টকাৰ সা-সম্পত্তি ভষ্মীভূত হয়। ৰাইজৰ তৎপৰতাত জুই নুমুৱা হয় যদিও এই অগ্নিকাণ্ডৰ পৰা আন কেবাটাও পৰিয়ালৰ বাস গৃহ কথমপি ৰক্ষা পৰে। অৱশ্যে অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই।

Related Articles

Leave a Reply

Close