অসমবৰপেটা

কলগাছিয়া-মইনবৰী-লাংলাত পৰীক্ষাৰ্থীৰ টুলুঙা নাৱৰে বিপদ সংকুল যাত্ৰা,হাহাকাৰ অভিভাৱকৰ মাজত

কলগাছিয়াৰপৰা আব্দুল হাই,প্ৰথম খবৰ: বৰপেটা-বঙাইগাওঁ জিলাৰ চৰ এলেকাৰ মেট্ৰিক পৰীক্ষাৰ্থীৰ মাজত আজি পূৱাৰ ভাগত তীব্ৰ হাহাকাৰৰ সৃষ্টি হয়। জিলা দুখনৰ লাংলা, বৰভিটা আৰু ৰঙাপানী পৰীক্ষা কেন্দ্ৰত অহা যোৱাৰ ক্ষেত্ৰত শ শ পৰীক্ষাৰ্থী সকলে যাতায়তৰ ক্ষেত্ৰত যমৰ যাতনা ভুগিবলগীয়া হৈছে। এলেকাটোৰ নাৰাৰভিটা গাঁবৰ মাজেৰে বৈ যোৱা মানাহ নদী পাৰ হৈ পৰীক্ষা কেন্দ্ৰ লৈ যোৱাৰ সময়ত এনে পৰিস্থিতিৰ সৃষ্টি হয়। এলেকাটোৰ বহু পৰীক্ষাৰ্থী বিপদ সংকুল অৱস্থাত টুলুঙা নাওৰে জীৱনৰ প্ৰথমটো মেট্ৰিক পৰীক্ষা দিবলৈ আহিব লগা হৈছে। ৫ শৰ অধিক পৰীক্ষাৰ্থী নৈ খনৰ পশ্চিম পাৰৰ পৰা পূবপাৰৰ পৰীক্ষা কেন্দ্ৰ সমুহত অহাৰ সময়ত মাত্ৰ তিনিখন টুলুঙীয়া নাওৱে পাৰ কৰি দিয়ে যদিও ই মুঠেই পৰ্য্যপ্ত নহয় বুলি জানিব পৰা গৈছে।

এজন পৰীক্ষাৰ্থীৰ লগত আন এজনকৈ লোক লগত থকাৰ বাবে পাৰঘাটত ব্যাপক ভীৰৰ সৃষ্টি হয়। এইক্ষেত্ৰত ৰাইজে নৈ খনৰ ওপৰত এখন দলং নিৰ্মাণৰ বাবে দাবী উত্থাপন কৰিছে। বাঘবৰৰ মইনবৰীতো বিভিন্ন চৰচাপৰি এলেকাৰ পৰা বেঁকী নদী পাৰ হৈ পৰীক্ষা কেন্দ্ৰত পৰীক্ষা দিবলৈ আহিব লগা হৈছে। ইফালে কলগাছিয়াৰ সমীপৱৰ্তী মাত্ৰাঘোলাতো লাংলা পৰীক্ষা কেন্দ্ৰ লৈ অহাৰ সময়তেও পৰীক্ষাৰ্থীৰ মাজত তীব্ৰ হাহাকাৰৰ সৃষ্টি হয়। মাত্ৰ এখন টুলুঙীয়া নাৱৰে মানাহ নদী পাৰ হোৱাৰ ক্ষেত্ৰত বহু সময়ৰ প্ৰয়োজন হোৱাৰ বাবেই পৰীক্ষাৰ্থীৰ মাজত হুৱা দুৱাৰ সৃষ্টি হয়।
চাৰি কি:মি:পথ অতিক্ৰম কৰি লাংলা পৰীক্ষা কেন্দ্ৰত পৰীক্ষা দিবলৈ যাব লগীয়া হোৱাত পলম হোৱাৰ বাবে পৰীক্ষাৰ্থী সকলৰ মাজত হাহাকাৰ লাগে। মানাহ নৈ খনৰ ওপৰত এখন দলং নথকাৰ বাবেই এনে পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি অভিভাৱক সকলে মন্তব্য কৰিছে। চৰকাৰৰ উন্নয়ন এই অঞ্চলত কোনো প্ৰভাৱ পৰা নাই বুলি বিভিন্ন জনে অভিযোগ কৰিছে। এইক্ষেত্ৰত ৰাজ্য চৰকাৰ তথা স্থানীয় বিধায়কৰ দৃষ্টিগোচৰ কামনা কৰিছে বিভিন্ন মহলে।

Related Articles

Leave a Reply

Close