অসমশীৰ্ষ

কাঁচি-হাতুৰি এৰি হাতীৰ পিঠিত প্ৰাক্তন বিধায়ক অনন্ত ডেকা

আমবাৰীত আনুষ্ঠানিকভাৱে শিবিৰ সলালে অনন্ত ডেকাই

নিউজ ডেস্ক, প্ৰথম খবৰ: ৰঙিয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক অনন্ত ডেকাৰ শিবিৰ সলনি। আজি আনুষ্ঠানিকভাৱে চিপিআই(এম) দলৰ জ্যেষ্ঠ নেতাজনে অসম গণ পৰিষদত যোগদান কৰে। অগপৰ সভাপতি অতুল বৰা, প্ৰাক্তন মন্ত্ৰী কমলা কলিতা, প্ৰাক্তন সাংসদ কুমাৰ দীপক দাসকে ধৰি বহু জ্যেষ্ঠ নেতাৰ উপস্থিতিত ডেকাই দলটোত অংশগ্ৰহণ কৰে। ডেকাৰ যোগদানৰ পিছতে অগপৰ নেতা-কৰ্মীয়ে উষ্ণ সম্ভাষণ জ্ঞাপন কৰে তেওঁক।

উল্লেখ্য যে ২০০৬ চনত সেই সময়ৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভুৱনেশ্বৰ কলিতাৰ বিৰুদ্ধে নিৰ্বাচনী ৰণত অৱতীৰ্ণ হৈ বিধানসভা নিৰ্বাচত ৰঙিয়া সমষ্টিত শেষ হাঁহি মাৰিবলৈ সক্ষম হৈছিল তেওঁ।

অসম গণ পৰিষদত যোগদান কৰাৰ বিষয়ে নিজৰ মন্তব্য প্ৰকাশ কৰি প্ৰাক্তন বিধায়কজনে কয় যে, “দুবছৰ ভাবি-চিন্তি অসম গণ পৰিষদত যোগদান কৰিছোঁ। অসম বিভিন্ন ক্ষেত্ৰত পিছপৰা। গতিকে ধৰ্মনিৰপেক্ষ অগপৰ মঞ্চত কাম কৰি অসমৰ উন্নয়নৰ হকে কাম কৰি যাম।”

 

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close