শেহতীয়া
Home / অসম / কাজিৰঙাত ইউ কেৰ সামৰিক বাহিনীৰ পদাধিকাৰ নিকোলাচ কাৰ্টাৰৰ হাতী ছাফাৰি

কাজিৰঙাত ইউ কেৰ সামৰিক বাহিনীৰ পদাধিকাৰ নিকোলাচ কাৰ্টাৰৰ হাতী ছাফাৰি

কাজিৰঙাৰপৰা ৰাজেশ বেলোৱাৰ,প্ৰথম খবৰ:কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিলে ইউনাইটেদ কিংডমৰ সামৰিক বাহিনীৰ এগৰাকী সৰ্বোচ্চ পদাধিকাৰে৷ ইউ কেৰ চীফ্ অৱ জেনেৰেল ষ্টাফ-চাৰ নিকোলাচ পেট্ৰিক কাৰ্টাৰ-এ আজি কাজিৰঙাৰ বাগৰি বনাঞ্চলত উদ্যান দৰ্শন কৰে৷ আজি পুৱা ৬-৩০ মান বজাত পৰিয়ালসহ কাজিৰঙাৰ বাগৰিত উপস্থিত হৈ হাতীৰ পিঠিত উঠি বনাঞ্চলটো ভ্ৰমণ কৰে কাৰ্টাৰে৷ ভাৰতীয় সেনাৰ আতিথ্যত বিশেষ সুৰক্ষা ব্যৱস্থাৰ মাজেৰে অহা কাৰ্টাৰ-এ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হাতী ছাফাৰি কৰি আপ্লুত হৈ পৰে৷

উদ্যানত গঁড়,ম’হ,পহু বিচৰণ তথা উদ্যানৰ প্ৰাকৃতিক সৌন্দৰ্য প্ৰত্যক্ষ কৰি অভিভূত হৈ তেওঁ মন্তব্য কৰে যে- “চ’ বিউটিফুল, ইট ইজ ইম্প্ৰেছিভ”৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উপ-বন সংৰক্ষক মুকুট দাসে সংবাদ মাধ্যমক জানিব দিয়া ম’তে, ৰাজ্যিক অতিথি হিচাপে গণ্য কৰা পৰ্যটক হিচাপে কাজিৰঙালৈ অহা কাৰ্টাৰক সংগ দিয়ে ব্ৰিটিছ হাইকমিছনৰ এজন পদাধিকাৰৰ লগতে ইউ কেত থকা ভাৰতীয় সেনাৰ এজন বিষয়াই৷ ভাৰতীয় ৪-ক’ৰ সেনাই তেওঁক আতিথ্য আগবঢ়ায়৷

Leave a Reply

Your email address will not be published. Required fields are marked *

*