অসমগুৱাহাটী

কাজিৰঙাত ফ্ৰান্সৰ পৰ্যটকৰ হাতত অচল নোট

কাজিৰঙাৰপৰা ৰাজেশ বেলোৱাৰ,প্ৰথম খবৰঃ দেশত এতিয়াও আছে পুৰণি অচল টকা৷ বিমুদ্ৰাকৰণৰ পাছতো পুৰণি টকা অসৎ কৌশলেৰে একাংশই চলাবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে৷ এনেদৰেই অসাধু চক্ৰই কৌশলেৰে দিয়া পুৰণি নোট পৰিলগৈ ফ্ৰান্সৰ পৰা ভাৰতলৈ অহা পৰ্যটকৰ হাতত৷ অসমৰ এগৰাকী টুৰিষ্ট গাইডৰ তৎপৰতাত পোহৰলৈ আহিল সমগ্ৰ ঘটনা৷
জানিব পৰা ম’তে, এলেন ছলী আৰু দুগৰাকী মহিলা ফ্ৰান্সৰ পৰা কাজিৰঙালৈ আহিবলৈ কলিকতা এয়াৰপ’ৰ্টত নামে৷ কলিকতা এয়াৰপ’ৰ্টত currency exchange ৰ সময়ত CENTRUM নামৰ exchange প্ৰতিষ্ঠানত প্ৰায় ২৮,০০০ টকা সলনি কৰে ফ্ৰান্সৰ পৰ্যটক সকলে৷ তাতেই ঘটিল অঘটন৷ exchange প্ৰতিষ্ঠানটোৰ অসাধু লোকে দিলে পৰ্যটকৰ হাতত ১১ খন পুৰণি ৫০০ টকীয়া নোট৷ মুঠ চাৰে পাঁচহাজাৰ টকাৰ অচল নোট৷ কিন্তু পৰ্যটকসকল জ্ঞাত নহয় সেই সন্দৰ্ভত৷ ইয়াৰ পাছতে অসমলৈ আহোতে অসমৰ বিপুল দাস নামৰ টুৰিষ্ট গাইডজনৰ তৎপৰতাত পোহৰলৈ আহিল সমগ্ৰ ঘটনা৷ গুৱাহাটীৰ পৰা কাজিৰঙা আহি থকা অৱস্থাত বাটত খৰচ কৰিবলৈ ৫০০ টকীয়া পুৰণি নোট উলিয়াই দিওঁতে সমগ্ৰ ঘটনা পোহৰলৈ আহে৷ ইতিমধ্যে কাজিৰঙাত আহি উপস্থিত হোৱা পৰ্যটকসকলে গাইডৰ সহযোগত কলিকতা এয়াৰপ’ৰ্টৰ চেন্ট্ৰাম নামৰ currency exchange প্ৰতিষ্ঠানটোৰ সন্দৰ্ভত কাজিৰঙাৰ কহঁৰা আৰক্ষী চকীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ অৱগত কৰিছে৷ এতিয়া প্ৰশ্ন হ’ল কিদৰে কলিকতাৰ দৰে এখন আন্তৰ্জাতিক এয়াৰপ’ৰ্টত currency exchange প্ৰতিষ্ঠানত সম্ভৱ হ’ল এনে কাণ্ড! এনে অপৰাধ ৰোধ কৰিবলৈ চৰকাৰে কেনেধৰণৰ পদক্ষেপ ল’ব!
বৰ্তমান সময়ত এনে ঘটনাই পৰ্যটন ক্ষেত্ৰতো ব্যাপক প্ৰভাৱ পেলোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে৷

Related Articles

Leave a Reply

Close