অসমগুৱাহাটী

কাজিৰঙাত মাটি চহাওঁতে ওলাল পৌৰাণিক সামগ্ৰী

কাজিৰঙাৰপৰা ৰাজেশ বেলোৱাৰ,প্ৰথম খবৰ: কাজিৰঙাত মাটিৰ তলত উদ্ধাৰ হ’ল পুৰণি সামগ্ৰী৷ খেতি কৰিবৰ বাবে মাটি চহাওঁতে মাটিৰ তলত ওলাল দুটা বাটি আৰু এটা ময়ুৰৰ চানেকি থকা তামোল কটা চৰতা৷ কাজিৰঙাৰ বচাগাঁওৰ চন্দ্ৰ ৰাজখোৱাৰ খেতি পথাৰত উদ্ধাৰ হৈছে এই সামগ্ৰী৷
জানিব পৰা মতে, কালি দিনৰ ভাগত কাজিৰঙাৰ ডোমজান পথাৰত মাটি বাম হোৱা বাবে ট্ৰেক্টৰেদি মাটি চহাইছিল ৰাজখোৱাই৷ মাটি চহাওঁতেই পথাৰতে মাটিৰ পৰা তিনি ফুট তলত ওলাল এই সামগ্ৰী৷ দেখাত অতি পুৰণি যেন লগা এই সামগ্ৰী কাঁহ নে পিতলৰ সেয়া জানিব পৰা হোৱা নাই ৷ স্থানীয় লোকৰ ম’তে, আহোম ৰজা দিনৰ সামগ্ৰী বুলি সন্দেহ কৰা এই সামগ্ৰী সমূহ পুৰাতত্ব বিভাগৰ দ্বাৰা পৰীক্ষা কৰিলে অধিক তথ্য উদ্ঘাটনৰ আশা আছে৷ উল্লেখ্য, ৩/৪ বছৰৰ পূৰ্বে কাজিৰঙাৰ গেলেকিতো পথাৰত মাটি খান্দোতে উদ্ধাৰ হৈছিল ৰজা দিনীয়া পুৰণি সামগ্ৰী৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close