অসমগুৱাহাটী

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আঘাতপ্ৰাপ্ত গঁড়

কাজিৰঙাৰপৰা ৰাজেশ বেলোৱাৰ,প্ৰথম খবৰ: কাজিৰঙাৰ কহঁৰা বনাঞ্চলত আহত এজনী গঁড়৷ বনাঞ্চলটোৰ মিহিমুখ এলেকাত আজি গঁড়জনীৰ আঘাত প্ৰত্যক্ষ কৰে পাছত বন বিভাগে চিকিৎসক খবৰ দিয়ে আৰু চিকিৎসক ঘটনাস্থলীলৈ ৰাওনা হয়৷ প্ৰথম অৱস্থা গঁড়জনীৰ গাত শেল লগাৰ অনুমান কৰা হৈছিল যদিও চিকিৎসকৰ ম’তে, এয়া দুটা গঁড়ৰ মাজৰ পাৰস্পৰিক যুঁজৰ পৰিণতি৷ সাধাৰণতে সম্ভোগৰ পূৰ্বে মতা আৰু মাইকী গঁড়ৰ মাজত কিছু খেদা-খেদি লাগে৷ তেনে সময়তে এই গঁড়জনীৰ গাত আঘাত লাগিছে বুলি অনুসন্ধানত গম পোৱা গৈছে বুলি সদৰি কৰে চিকিৎসকে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close