অসমগুৱাহাটীশীৰ্ষ

কামৰূপ জিলাত বন বিভাগৰ কমিচনৰাজ

পঙ্কজ নাথ,চাংসাৰি: কামৰূপ জিলাৰ অন্তৰ্গত ৰঙিয়া সদৰ বিট, চিলা আৰু হাজো ৰেঞ্জৰ এলেকাসমূহত ভূ-মাফিয়া তথা অবৈধ ব্যৱসায়ীৰ দৌৰাত্মত স্তম্ভিত হৈ পৰিছে সচেতন মহল। সচেতন ৰাইজৰ অভিযোগ মতে হাজোৰ ৰেঞ্জাৰ কৰুণা ডেকা, শুৱালকুছিৰ আৰক্ষী বিষয়া টুইংকল গোস্বামী আৰু নদী আৰক্ষীৰ বিষয়া প্ৰদীপ বৰাক মাহিলী মোটা অংকৰ কমিচনৰে মেনেজ কৰি নিজৰ হাতৰ মুঠিত ৰাখি অবৈধ ব্যৱসায়ীসকলে শুৱালকুছি-বাথান-বংশৰ গন্ধমৌৰ বিভিন্ন স্থানত চলাই গৈছে অবৈধভাৱে নদীৰ পাৰৰ বালি, কৃষিভূমি আৰু ৰঙামাটিৰ খনন। শুৱালকুছিৰ কেঁওটপাৰা, গল্ডেন, বাথান, শ্ৰীহাটী, গন্ধমৌ, দদৰা, আজ্ঞাঠুৰীৰ নদীৰ বালি খননত ১৪৪ ধাৰা অব্যাহত থকাৰ পিছতো আৰক্ষী আৰু বন বিভাগক মাহিলী কমিচন দি অবৈধ খনন চলাই একাংশ ভূ-মাফিয়াই আৰক্ষীৰ চকুৰ সম্মুখেৰেই ৰাজপথত সন্ত্ৰাসৰ সৃষ্টি কৰিছে। শুৱালকুছি, হাজো, দদৰা আদি অঞ্চলত আৰক্ষীয়ে তালাচী চকী পাতি দুচকীয়া আৰু চাৰিচকীয়া বাহনৰ নথি-পত্ৰ পৰীক্ষা কৰা সময়ত শুৱালকুছি, হাজো, দদৰা আদিৰ আৰক্ষীয়ে নম্বৰ প্লেট বিহীন তথা অবৈধ মাটি কঢ়িওৱা টেক্টৰ, ট্ৰাক, ডাম্পাৰক ৰখাবলৈ সাহস নকৰাৰ অন্তৰালত গভীৰ ৰহস্য থকা বুলি উল্লেখ কৰিছে উক্ত অঞ্চলৰ একাংশ ৰাইজে। কমিচনলোভী একাংশ আৰক্ষী বিষয়াৰ এনে কাৰু-কাৰ্য্য দেখি চকু কপালত উঠিছে সচেতন মহলৰ আনহাতে শুৱালকুছি নদী আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰদীপ বৰাই নদী আৰক্ষীৰ নিজা বাহন নাই বাবেই এইসকল দুস্কৃতিকাৰীক নাকী লগাব নোৱাৰে বুলি কৈয়েই সামৰিছে দায়িত্ব। এইদৰে নদীৰ বালি খননত আজ্ঞাঠুৰীৰ পৰা শুৱালকুছিলৈ নিষেধাজ্ঞা থকাৰ পিছতো অবৈধভাৱে খনন চলোৱা ভূ-মাফিয়াৰ বাহন জব্দ কৰি গোচৰ ৰুজু কৰাৰ সলনি কমিচনৰ লোভত চকুমুদা কুলিৰ ভাও যোৰাৰ অভিযোগ তুলি হাজোৰ ৰেঞ্জাৰ কৰুণা ডেকাৰ ভুমিকাতো ক্ষুব্ধ হৈ পৰিছে অঞ্চলটোৰ ৰাইজ। তাৰোপৰি কমিচনৰ লোভত বন মাফিয়াৰ পক্ষত থিয় দিয়া বন বিষয়া- আৰক্ষী বিষয়াৰ ভূমিকাক গৰিহণা দিছে আছুনেতা দিপাংকৰ শৰ্মাই। আছুনেতা জনে অবৈধ খনন আৰু ৰাজহ ফাকিৰ লগত জড়িত ব্যৱসায়ী, বিষয়াক নাকী লগাবলৈ বনমন্ত্ৰীৰ প্ৰত্যক্ষ হস্তক্ষেপ বিছাৰিছে । আনপিনে একাংশ ৰাইজৰ লগতে সংগঠনৰ নেতাই পুঠীমাৰীৰ বুকুত চলা অবৈধ খননত চকু দিয়াৰ সলনি কমিচনৰ ধনলৈকেহে চকু মেলি থকাৰ গুৰুতৰ অভিযোগ তুলিছে ৰঙিয়া সদৰ বিট অফিচাৰ ধীৰাজ দাসৰ বিৰুদ্ধে। আনহাতে চিলা ৰেঞ্জৰ আজ্ঞাঠুৰীত নেচনেল ল’ ইউনিভাৰ্চিটি এণ্ড জুৰিচিয়েল একাডেমীলৈ প্ৰায় ২০ খন মান ডাম্পাৰেৰে নদীৰ মাটি কঢ়িওৱাৰ অনুমতি আছে যদিও বন বিষয়াক ঘোচ দি অবাধে কামৰূপ জিলাৰ বিভিন্ন স্থানলৈ অবৈধভাৱে অভাৰলোড কৰি দিনে নিশাই এটা শক্তিশালী চক্ৰই মাটি কঢ়িয়াই থকা পৰিলক্ষিত হৈছে। উক্ত পথত এইসমূহ অভাৰলোড বাহনৰ দৌৰাত্মত অন্য দুচকীয়া চাৰিচকীয়া বাহনসমূহৰ অসুবিধাৰ সৃষ্টি হোৱাৰ লগতে নিতৌ সংঘটিত হয় সৰু বৰ দুৰ্ঘটনা, আনকি যোৱা দুটা মাহত ডাম্পাৰৰ খুন্দাত চাৰিজন ব্যক্তিয়ে প্ৰাণ হেৰুওৱাৰ পিছতো গা লৰা নাই আৰক্ষী তথা জিলা প্ৰশাসনৰ। লগতে চিলা ৰেঞ্জৰ ৰেঞ্জাৰ ৰবিন বৈশ্যৰ এলেকাধিন কিছু ঠাইতো একাংশ বন কৰ্মচাৰীৰ পৃষ্ঠপোষকতাত অবৈধভাৱে চেকগেট চলাই নিশা হোৱাৰ লগে লগেই আৰম্ভ হয় কমিচনৰ বজাৰ, প্ৰতিখন অবৈধ বালি কঢ়িওৱা ট্ৰাকৰ পৰাই অাৰক্ষী-বন বিভাগে যৌথভাৱে দুশৰ পৰা পাঁচশ টকা সংগ্ৰহ কৰি অহাৰ অভিযোগ আহি পৰিছে।

অকল ব্ৰহ্মপুত্ৰ বালিয়েই নহয় এই চেকগেটেৰে ছয়গাঁও বকোৰ পৰা অহা চালানবিহীন ৰঙা বালিৰ ট্ৰাক সমূহো কমিচনৰ বিনিময়ত এৰি দিয়াৰ ফলত চৰকাৰে হেৰুৱাইছে বৃহৎ পৰিমাণৰ ৰাজহ । কামৰূপ জিলাত এইদৰে বন মাফিয়াৰে মিতিৰালি কৰি কমিচনৰ বজাৰ মেলা বন তথা আৰক্ষী বিষয়াৰ কাৰ্য্য-কলাপত মৌন হৈ থকা কামৰূপৰ উপায়ুক্ত কমল কুমাৰ বৈশ্য ভুমিকাক সচেতন ৰাইজে সন্দেহৰ চকুৰে চোৱাৰ উপৰিও ডিএফঅ বংকিম শৰ্মালৈ বনবিভাগৰ অবৈধ কাৰ্য্যকলাপৰ কমিচনৰ ভাগ যায় বুলি গুণা-গথা চলিছে অঞ্চলটোত। ৰাজ্যৰ বন বিভাগৰ অবৈধ কাৰ্য্য-কলাপৰ প্ৰতি জেহাদ ঘোষণা কৰা বনমন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মই সাংবাদিকৰে হোৱা বাৰ্তালাপত উদঙাই দিছে নিজৰ অসহায় স্থিতি। ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ গৃহসমষ্টিত মাফিয়া চক্ৰৰ প্ৰতি উপায়ুক্ত কমল কুমাৰ বৈশ্য আৰু বনমন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মৰ মৌনতাৰ আঁৰত কোনো ৰাজনৈতিক মেনেজ মাষ্টাৰৰ আশীৰ্বাদ থকাৰো সন্দেহ উপজিছে একাংশৰ। এতিয়া এই অবৈধ কাৰ্য্যকলাপৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতা তছলিম আহমেদ আৰু জাতীয় সেনাৰ সভাপতি নয়নমণি শালৈয়ে। কামৰূপ প্ৰশাসন আৰু বনবিভাগৰ এইসমূহ কাৰ্য্যকলাপৰ ওপৰত নজৰ দি অতিশীঘ্ৰে ইয়াৰ বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আছু, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, জাতীয় সেনাৰ এইসকল নেতৃত্বৰ লগতে সচেতন মহলে মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ ওচৰত দাবী উত্থাপন কৰিছে। এতিয়া দুৰ্নীতি, ভষ্ট্ৰাচাৰৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কোৱা মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কামৰূপৰ বনবিভাগত চলি থকা এই পৰ্বতসম দুৰ্নীতি ৰোধ কৰিবলৈ সক্ষম হব নে নহব সেয়া অনাগত সময়তহে লক্ষণীয় হ’ব।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close