অসম

কালাইৰ দিয়াত জৰাজীৰ্ণ কাঠৰ দলঙৰ পৰা পৰি পশু ধনৰ মৃত্যু

নগৰবেৰাৰপৰা মিজানুৰৰহমান,প্ৰথম খবৰ: বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ আলোপতি চৰ আৰক্ষী থানাৰ অন্তৰ্গত কালাইৰ দিয়াত আজি এটি  জৰাজীৰ্ণ কাঠৰ দলঙৰ পৰা পৰি এটি পশু ধনৰ মৃত্যু হোৱা ঘটনাই বৃহত্তৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

জানিব পৰা মতে, বৰপেটা জিলা আলোপতি চৰ  আৰক্ষী থানাৰ এলেকাধীন কালাইৰ দিয়া গাঁৱৰ পৰা খাটিয়ামাৰী লৈ যোৱা পথৰ মাজত থকা জৰাজীৰ্ণ কাঠৰ দলংখন পাৰ হওঁতে একে খন আৰক্ষী থানাৰ এলেকাধীন ১ নং বাঘমাৰা চৰ  গাওঁৰ মজিদ ফকিৰৰ পুত্ৰ জাহাংগীৰ আলমৰ এটি মহ দলং খনৰ পৰা তললৈ পৰি থিতাতে মহটোৰ মৃত্যু হয়। জাহাংগীৰ আলমে মহটো বিধ্বস্ত কাঠৰ দলংখন পাৰ কৰোতেই এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি স্থানীয় ৰাইজে জানিবলৈ দিছে।

উল্লেখ্য যে, সংশ্লিষ্ট পথৰ মাজত থকা এইখন জৰাজীৰ্ণ কাঠৰ দলং মেৰামতি কৰাৰ বাবে চৰকাৰ, স্থানীয় বিধায়ক শ্বেৰমান আলী আহমেদ তথা বিভাগীয় কৰ্তৃপক্ষক ৰাইজে একাধিক বাৰ দাবী জনাই অহা সত্ত্বেও ৰাইজৰ এনে দাবীৰ প্ৰতি কোনো ধৰণৰ গুৰুত্বাৰোপ নকৰাত ৰাইজৰ মাজত ব্যাপক  প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অতি শীঘ্ৰে  বিধ্বস্ত কাঠৰ দলং খন মেৰামতি কৰি দুৰ্ঘটনা মুক্ত কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষৰ লগতে বিভাগীয় মন্ত্ৰীক ৰাইজে দাবী জনাইছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close