অসম

কাৰ্বি পাহাৰত চলিছে বনদস্যুৰ অবৈধ কয়লা খনন আৰু সৰবৰাহ কাৰ্য

প্ৰথম খবৰ,কাৰ্বি আংলং:১ ফেব্ৰুৱাৰীৰ পৰা পূৰ্ণ গতিত পুনৰ কাৰ্বি পাহাৰত চলিছে বনদস্যুৰ অবৈধ কয়লা খনন আৰু সৰবৰাহ কাৰ্য। বিগত দিনত ৰাজ্যৰ লগতে কাৰ্বি পাহাৰৰ কয়লা ছিণ্ডিকেটৰ বিৰুদ্ধে বিভিন্ন দল সংগঠন তথা সচেতন মহলে ব্যাপক আৰু মুকলি অভিযোগ উত্থাপন কৰাৰ পাছতো কিন্তু অবৈধ কয়লা খনন আৰু সৰবৰাহৰ বিষয়টোক লৈ এই পৰ্যন্ত গা লৰা নাই সংশ্লিষ্ট কর্তৃপক্ষ অথবা বিজেপি চৰকাৰখনৰ। উল্লেখ্য যে কাৰ্বি পাহাৰত অবৈধ কয়লা খনন আৰু সৰবৰাহ কাৰ্য্যৰ বিৰুদ্ধে কেৱল নাটকীয়ভাৱে ডঃ মুমিন অভিযান চলাইয়ে চৰকাৰ তথা সংশ্লিষ্ট কর্তৃপক্ষই নিজৰ দায়িত্ব সামৰাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে। যাৰ পৰিপ্ৰেক্ষিতত এতিয়া পুনৰ গা কৰি উঠিছে কয়লা ছিণ্ডিকেটৰ ব্যাপক বেহা পাহাৰীয়া জিলা কাৰ্বি পাহাৰত। কাৰ্বি পাহাৰৰ অবৈধ কয়লা খনন আৰু সৰবৰাহ কাৰ্য্যৰ সন্দৰ্ভত বাতৰি প্ৰচাৰ হোৱাৰ পাছত মাত্ৰ কেইটামান দিনহে এই কাৰ্য বন্ধ হৈ পৰিছিল। কিন্তু ইয়াৰ পাছত কাৰ্বি আংলং জিলাৰ বকলিয়াঘাটৰ পৰা প্ৰায় ১২ কি:মি: দূৰত্বত তথা (১) লাংমিলী; (২) ডিছামা আৰু (৩) ডিছুফাই গাঁৱৰ পৰা প্ৰায় ১০ কি:মি: ভিতৰৰ অঞ্চলত বনদস্যুৰ অবৈধ কয়লা খনন কাৰ্য পুনৰ চলাবলৈ আৰম্ভ কৰিছে। আৰু উক্ত অঞ্চলসমূহৰপৰা ফকলেণ্ড,স্কাভেটৰ আদিৰে কয়লা খান্দি পুনৰ দাম্পাৰে দাম্পাৰে কয়লা কঢ়িয়াই লাংমিলীৰ ওচৰৰ মৌজাদাৰ টেৰাং গাওঁ আৰু ৰংবং টেৰাং গাওঁত আদিত মজুত কৰা পৰিলক্ষিত হৈছে। আৰু উক্ত উল্লেখিত গাওঁ দুখনৰ পৰাই  ডিমাপুৰ;উমৰাংচুৰ ডালমিয়া;গুৱাহাটী আৰু কিছু পৰিমাণে বিভিন্ন ঠাইৰ ইটা ভাট্টাবোৰলৈ বুলি নিতৌ ট্ৰাকে ট্ৰাকে কয়লা সৰবৰাহ হয় উক্ত অঞ্চলসমূহৰ পৰা,য’ত নেকি নাগালেণ্ডৰ ভুৱা চালানৰ সহায়েৰে উমৰাংচুৰ ডালমিয়ালৈ বুলিও কয়লা সৰবৰাহ হয় বুলি ফোনযোগে সাংবাদিকৰ ওচৰত এক গুৰুতৰ অভিযোগও উত্থাপিত কৰিছে। আৰু উমৰাংচুৰ ডালমিয়াত এই সন্দৰ্ভত তদন্ত কৰিলে জুলুঙাৰ মেকুৰী ওলাই পৰিব বুলিও কয় কেমেৰাৰ আঁতৰত থকা অভিযোগকাৰীয়ে। আনকি এই কয়লা চোৰাং বেপাৰত বিজেপিৰ  নেতা-পালিনেতা পৰোক্ষভাৱে জড়িত থকাৰ কথাও উল্লেখ কৰিছে অভিযোগকাৰীয়ে।

Related Articles

Leave a Reply

Close