অসমশীৰ্ষ

কুঠাৰেৰে ঘপিয়াই মহিলাক হত্যা,হত্যাকাৰীক গ্ৰেপ্তাৰ

সৰভোগৰ পৰা নীতিশ ৰঞ্জন পাটগিৰি, প্ৰথম খবৰ: সৰভোগৰ চাৰি নং ৱাৰ্ডত ৰবিবাৰে সন্ধিয়া এক শোকাৱহ ঘটনা সংঘটিত হয় সন্ধিয়া প্ৰায় ৭-৩০ বজাত যুতিকা দাস চৌধুৰী(২৮) নামৰ মহিলা এগৰাকীক প্ৰাঞ্জল নাথ(৩০) নামৰ যুৱক এজনে কুঠাৰেৰে মূৰত আৰু গলত ঘপিয়াই গুৰুতৰ ভাৱে আহত কৰে। পিছত মহিলা গৰাকীক সৰভোগৰ ৩০ খন বিচনাযুক্ত অসামৰিক চিকিৎসালয়লৈ প্যপ্ৰেৰণ কৰা হয় যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে বৰপেটা চিকিৎসা মহাবিদ্যালয়ত পঠিয়াই দিয়ে।  কিন্তু মহিলা গৰাকীয়ে আধাবাটতে শেষ নিশ্বাস ত্যাগ কৰে। ঘটনা  কাণ্ড সংঘটিত কৰি যুৱক জন পলায়ন কৰে। ঘটনা সংঘটিত হোৱাৰ লগে লগে ৪ নং ৱাৰ্ডৰ মহিলা আৰু স্থানীয় ৰাইজে সৰভোগ আৰক্ষী থানা ঘেৰাও কৰে। পিছত সৰভোগ থানাৰ আৰক্ষী পৰিদৰ্শক মনোজ লহকৰে অাৰক্ষী আৰু চি আৰ পি এফৰ সৈতে অভিযান চলাই হত্যাকাৰী যুৱক জনক নিজ গৃহৰ পৰা গ্ৰেপ্তাৰ কৰে। মৃত বিবাহিত মহিলা গৰাকীৰ যুৱকজনৰ সৈতে দীৰ্ঘদিনীয়া বন্ধুত্ব আছিল বুলি মহিলা গৰাকীৰ প্ৰতিবেশী সকলোৰ পৰা জানিব পৰা গৈছে। ৰবিবাৰে সন্ধিয়া ঘাটকৰূপী যুৱক জনে হাতত এখন কুঠাৰ লৈ মহিলাগৰাকীৰ  গৃহত প্ৰবেশ কৰি কোঠাৰ দুৱাৰ খিৰিকী বন্ধ কৰি অতৰ্কিতে ডিঙি, মূৰত প্ৰচণ্ড জোৰে উপৰ্যুপৰি আক্ৰমন কৰি পলায়ন কৰে। ঘটনা সংঘটিত হোৱাৰ লগে লগে মহিলা গৰাকীৰ ১০ বছৰীয়া ছোৱালী জনীয়ে চিঞৰ বাখৰ কৰাত প্ৰতিবেশী সকল আহে যদিও আন্ধাৰৰ সুযোগ লৈ যুৱক জন পলায়ন যাবলৈ সক্ষম হয়। প্ৰত্যক্ষ দৰ্শীয়ে ঘাটক গৰাকী সৰভোগৰ গেল্লেপাৰা গাওঁৰ যুৱক প্ৰাঞ্জল নাথ বুলি চিনাক্ত কৰে। ঘটনা সংঘটিত হোৱাৰ কিছু সময় পিছতে পৰিয়ালৰ লোকে সৰভোগ থানাত এজাহাৰ দাখিল কৰিছে। উল্লেখ্য যে ঘাটকৰ আক্ৰমনত নিহত মহিলা গৰাকীৰ স্বামী চন্দন দাস এচ.এচ.বিত চাকৰি কৰে। ঘটনা সংঘটিত হোৱাৰ সময়ত স্বামী ঘৰত নাছিল। মহিলা গৰাকীয়ে মৃত্যুৰ সময়ত দুটি সন্তান এৰি থৈ যায়।

Related Articles

Leave a Reply

Close