অসমযোৰহাটশীৰ্ষ

কেন্দ্ৰীয় কাৰাগাৰৰ পৰা কয়দীৰ পলায়ন,যোৰহাটত চাঞ্চল্য

যোৰহাটৰপৰা ঋতুৰাজ ফুকন, প্ৰথম খবৰ: বুধবাৰে যোৰহাট কেন্দ্ৰীয় কাৰাগাৰৰ পৰা ৰাতুল নাথ নামৰ এজন যাবজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কয়দীৰ পলায়নৰ ঘটনাই সমগ্ৰ জিলাখনতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাৰ বিৱৰণি অনুসৰি নগাওৰ ৰহা থানাৰ অন্তৰ্গত বৰঘাটৰ এই কয়দীজনে হত্যাৰ গোচৰত যাবজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত আছিল আৰু ২০১৭ বৰ্ষৰ ছেপ্তেম্বৰ মাহত নগাও কাৰাগাৰৰ পৰা যোৰহাট কাৰাগাৰলৈ স্থানান্তৰ কৰা হৈছিল। আজি পুৱা যোৰহাট কাৰাগাৰৰ কৰ্তিপক্ষই পুৱাৰ গণনাৰ সময়ত এজন কয়দী কম পায় আৰু পিছত অন্তৰ্ধ্যান হোৱা কয়দীজন ৰাতুল নাথ বুলি জানিব পাৰে। কাৰাগাৰ কৰ্তীপক্ষই কয়দীজন কাৰাগাৰৰ দেৱাল পাৰ হৈ পলোৱাৰ সন্দেহ প্ৰকাশ কৰিছে। সাম্প্ৰতিক জেল কতৃপক্ষই যোৰহাট থানাত এজাহাৰ দাখিল কৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close