সভা-সমিতি

খুমটাইত সাংবাদিক সংস্থাৰ প্ৰচেষ্টাত বিনামূলীয়া চকু পৰীক্ষা শিবিৰ সম্পন্ন

প্ৰথম খবৰ,খুমটাই: আজি খুমটাই চাৰিআলিস্থিত ১নং খুমটাই প্ৰাথমিক বিদ্যালয়ত নুমলীগড় শোধনাগাৰৰ সামাজিক উন্নয়ন আঁচনিৰ অধীনত,যোৰহাট লায়ন্স চকু চিকিৎসালয় আৰু স্বেচ্ছাসেৱী সংগঠন “সহায়”ৰ উদ্যোগত আৰু খুমটাই আঞ্চলিক সাংবাদিক সংস্থাৰ প্ৰচেষ্টাত এক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ সম্পন্ন হয়। যোৰহাট লায়ন্স চকু চিকিৎসালয় চিকিৎসক ডঃ বিকাশ সাহ আৰু সম্বন্বয়ক অমৰ বৰঠাকুৰ নেতৃত্বত অহা এটি দলে ২০০ জনৰো অধিক ৰোগীৰ চকু পৰীক্ষা কৰি বিনামূলীয়া ছশমা আৰু ঔষধ দিয়াৰ উপৰিও ৩৯ গৰাকী চকুত ছানি পৰা ৰোগীৰ অস্ত্ৰোপচাৰ বাবে যোৰহাট লায়ন্স চকু চিকিৎসালয় নিয়া হয়। পুৱা ৯.৩০ বজাত খুমটাই ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ডা: মণিকা বৰাই চকু পৰীক্ষা শিবিৰৰ দ্বাৰ উন্মোচন কৰে। এই অনুষ্ঠানতেই প্ৰাক্তন বায়ুসেনা বিষয়া ঠগিৰাম গগৈ, কমাৰগাঁও বিদ্যুত উপ সংমণ্ডলৰ উপ সংমণ্ডল বিষয়া বুলচন্দ্ৰ ভট্টাচাৰ্য, অৱসৰপ্ৰাপ্ত শিক্ষক তথা জ্যেষ্ঠ সাংবাদিক বিমল আগৰৱালা, কমাৰগাঁৱ আঞ্চলিক সাংবাদিক সংস্থাৰ সভাপতি মহেন শইকীয়া আৰু সম্পাদক ৰিন্টু দুৱৰা, খুমটাই পঞ্চায়তৰ সচিব গৌতম বৰা, খুমটাই ক্ষুদ্ৰ চিকিৎসালয়ৰ চিকিৎসক ডঃ ৰঞ্জিত কুমাৰ দাস, দেৱচন্দন বৰা, পঙ্কজ বৰুৱা, কৃষ্ণ বৰুৱা, চন্দন গগৈ, অমিত তাঁতীকে আদি কৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close