অসমসভা-সমিতি

গুণোৎসৱৰ ফলাফলত শীৰ্ষত গোৱালপাৰা জিলা

লক্ষীপুৰপৰা কাব্যজ্যোতি চৌধুৰী,প্ৰথম খবৰ:
তৃতীয় পৰ্যায়ৰ গুণোৎসৱৰ আজি ফলাফলত গোৱালপাৰা জিলাই শীৰ্ষ স্থান অৰ্জন কৰাৰ লগে লগে লক্ষীপুৰ শিক্ষা খণ্ডও জিলাখনৰ ভিতৰত শীৰ্ষস্থান দখল কৰাত লক্ষীপুৰ অঞ্চলৰ শিক্ষকে উৎফূল্লিত হৈ পৰা পৰিলক্ষিত হৈছে।

জানিব পৰা মতে, জিলাখনৰ ৪টা শিক্ষা খণ্ডৰ ভিতৰত লক্ষীপুৰ শিক্ষা খণ্ডত ১৭৩খন বিদ্যালয়ে এ+পাই শীৰ্ষত আছে। জিলাখনত সৰ্বমুঠ ৫২৬খন বিদ্যালয়ে এ+ পাইছে। ৫ ডিচেম্বৰৰ পৰা ৪দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা গুণোৎসৱত লক্ষীপুৰ, বালিজানা, মাটিয়া আৰু দুধনৈ শিক্ষা খণ্ডৰ ১৭৬৯খন বিদ্যালয়ৰ ১,২২,০৬২গৰাকী ছাত্ৰ-ছাত্ৰী অংশ গ্ৰহণ কৰি অসমৰ শীৰ্ষ স্থান দখল কৰিছিল আৰু ফলাফলতো শীৰ্ষত। গুণোৎসৱৰ ভাল ফলাফলৰ বাবে গোৱালপাৰা জিলা প্ৰাথমিক শিক্ষা বিষয়া নৃপেন দাসে ৪খন খণ্ডত সজাগতা সভাৰে ব্যাপক তৎপৰ হৈ পৰিছিল। ফলাফল ঘোষণাৰ লগে লগে বিষয়া গৰাকী লক্ষীপুৰ খণ্ডত উপস্থিত হয় আৰু তেখেতক লক্ষীপুৰ খণ্ডৰ এম ৱাই এচ কৰ্ডিনেটৰ মাহমুদুল হাচান আৰু খণ্ডৰটো সৰ্বশিক্ষা মিচনৰ কৰ্মচাৰী সকলে ফূলাম গামোচাৰে সম্বৰ্ধনা জনায়। বিষয়া গৰাকী এই কৃতিত্বৰ বাবে লক্ষীপুৰ খণ্ডৰ লগতে গোৱালপাৰা জিলাৰ শিক্ষক-শিক্ষয়ত্ৰী, বিদ্যালয় পৰিচালনা সমিতি, অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰী সকলক আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। আগলৈও এই ধাৰা অব্যাহত থাকে তাকো কামনা কৰে।
উল্লেখ্য যে, জিলা শিক্ষা বিষয়া নৃপেন দাসৰ ঐকান্তিক প্ৰচেষ্টাৰ বাবে গুণোৎসৱ তিনিবাৰকে পিছুৱাই গলেও শিক্ষক সকলৰ মাজত কেতিয়াও উদ্যোম কমা নাছিল আৰু যথেষ্ট উদ্দীপনা দেখা গৈছিল। বিষয়া গৰাকীৰ নিৰ্দেশত প্ৰতিটো বিদ্যালয়ত পুথি ভঁৰাল,বিশুদ্ধ খোৱাপানী,শৌচাগাৰ, প্ৰসাৱগাৰ,শাক পাচলিৰ খেতি,ফুলনি বাগিচা,ভোজনালয়কে ধৰি বিভিন্ন দিশৰ উন্নয়ন কৰি জিলাখনৰ সমূহ বিদ্যালয় জাকত জিলিকা কৰি সুন্দৰ পঢ়াশালীৰূপে গঢ়ি তোলাত সক্ষম হৈছিল আৰু জিলাখনে শীৰ্ষ স্থান দখল কৰিব পৰাত শিক্ষক সকলৰ মাজত ব্যাপক উৎসাহ উদ্দিপনা পৰিলক্ষিত হৈছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close