অসম

গুদামঘৰত পৰিণত সৃজনগ্ৰাম গাওঁ পঞ্চায়তৰ সমূহীয়া ভৱন, ব্যৱস্থা গ্ৰহণৰ দাবী

দ্বীপজ্যোতি ৰায়ৰ প্ৰতিবেদন : দেশৰ পঞ্চায়তীৰাজ ব্যৱস্থাক শক্তিশালী আৰু গতিশীল কৰাৰ লগতে পঞ্চায়তৰ আচঁনিসমূহ অধিক ক্ষীপ্ৰ তথা জনমুখী কৰাৰ লক্ষ‍্যৰে ৰাইজক সজাগ – সচেতন কৰাৰ বাবে চৰকাৰে সদায় প্ৰচেষ্টা চলাই আহিছে । তাৰে অংশস্বৰূপে পঞ্চায়তৰ আচঁনিসমূহৰ বিষয়ে ৰাইজৰ মাজত আলোচনা কৰি আচঁনিসমূহৰ সফল ৰূপায়ণ কৰাৰ বাবে প্ৰতিখন পঞ্চায়ততে চৰকাৰী ভাৱে একোটাকৈ সমূহীয়া ভৱন নিৰ্মাণ কৰা হয় । সেই মৰ্মে তদানীন্তন কংগ্ৰেছ চৰকাৰৰ দিনত ২০১১ – ১২ৰ ত্ৰয়োদশ বিত্তীয় আয়োগৰ ধনেৰে সৃজনগ্ৰাম জিলা পৰিষদৰ দ্বাৰা সৃজনগ্ৰাম গাওঁ পঞ্চায়ততো এটা সমূহীয়া ভৱন নিৰ্মাণ কৰা হয় । উদ্দেশ্য আছিল পঞ্চায়তখনৰ বিভিন্ন কাৰ্য্যপন্থা সম্পৰ্কে ৰাইজৰ আগত বিস্তাৰিত ভাৱে আলোচোনা কৰাৰ উপৰিও আচঁনিসমূহ সুশৃঙ্খলিতভাৱে পৰিচালিত কৰাৰ বাবে এখন মুকলি মঞ্চৰ ব্যৱস্থা কৰা । কিন্তু উদ্দেশ্যতে যেন সীমাবদ্ধ হৈ ৰল চৰকাৰৰ সেই পৰিকল্পনা ! ৰাইজৰ বাবে নিৰ্মাণ কৰা সেই সমূহীয়া ভৱন প্ৰকৃতাৰ্থত পৰিণত হল পঞ্চায়তখনৰ গাতে লাগি থকা সৃজনগ্ৰাম সমবায় সমিতিৰ চাউলৰ গুদামত । যত ৰাজহুৱা আলাপ – আলোচোনাৰ পৰিৱৰ্তে সমবায় সমিতিখনৰ চাউলহে থোৱা হয় বছৰৰ ৩৬৫ দিন । যি সময়ত পঞ্চায়তৰ আচঁনিসমূহ ৰাইজক অৱগত কৰাৰ বাবে সৃজনগ্ৰামত এখন উপযুক্ত ঠাইৰ অভাৱ সেই সময়ত পঞ্চায়তৰ বাবে নিৰ্মাণ কৰা সমূহীয়া ভৱনতো সমবায় সমিতিৰ গুদামঘৰত পৰিণত হোৱাত হতচকিত হৈ পৰিছে অঞ্চলটোৰ সচেতন মহল । উক্ত ভৱনতো কোনে , কেনেকৈ , কি উদ্দেশ‍্যত চাউলৰ গুদামত পৰিণত কৰিলে তাক লৈ বিভিন্ন প্ৰশ্ন উথথাপন হৈ থকাৰ সময়তে সৃজনগ্ৰাম গাওঁ পঞ্চায়তৰ ফালৰ পৰা আজিলৈকে কিয় একো বিহীত ব্যৱস্থা গ্ৰহণ কৰা নাই সেয়াওঁ সকলোৰে বাবে এক ৰহস‍্যৰ বিষয় হৈ পৰিছে । তাৰোপৰি অতি দৃষ্টিকটু ভাৱে সকলো দেখি শুনিও সম্পূৰ্ণ নীৰৱ ভূমিকা গ্ৰহণ কৰি আছে সৃজনগ্ৰামৰ সকলো ৰাজনৈতিক দলৰ উপৰি বিভিন্ন জাতীয়তাবাদী সংগঠনসমূহ । যাৰবাবে পঞ্চায়তখনৰ সমূহ আচঁনি তথা কাৰ্য্যসূচীৰ বিষয়ে সম্পূৰ্ণ অজ্ঞ হৈয়ে থাকিবলগা হৈছে অঞ্চলটোৰ সাধাৰণ ৰাইজ । এখন উপযুক্ত ঠাইৰ অভাৱত পঞ্চায়ত কাৰ্য্যালয়ৰ বন্ধ কোঠাৰ ভিতৰত আচঁনি প্ৰস্তুত কৰিয়ে যেন দায়িত্ব সামৰিছে সৃজনগ্ৰাম গাওঁ পঞ্চায়ত কাৰ্য্যালয়ে । সেয়েহে অতিশীঘ্ৰে গাওঁ পঞ্চায়তৰ অধীনস্থ সমূহীয়া ভৱনতো সমবায় সমিতিৰ গুদাম ঘৰৰ পৰা আতঁৰ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ অঞ্চলটোৰ সচেতন মহলে দাবী উত্থাপন কৰিছে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close