অসম

গোলাঘাট জিলাৰ দেৰগাওঁৰ গোপিকাবল্লভ সমন্বয় ক্ষেত্ৰত এতিয়া উদুলি পৰিৱেশ

দেৰগাওঁৰপৰা আব্দুল মান্নাফ,প্ৰথম খবৰ:গোলাঘাট জিলাৰ আতিথ্যত ৮৭ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনকলৈ প্ৰস্তুতি তুংগত হৈ পৰিছে দেৰগাৱৰ দা ধৰা আহোম পথাৰত৷ ৩৫ খন উপসমিতিয়ে ১.৫ বৰ্গ কিঃ মিঃ ক্ষেত্ৰখনত বিভিন্ন দিশত কাম কৰি আছে৷ সভাগৃহকে ধৰি মূল মণ্ডপৰ কাম প্ৰায় ৮০ শতাংশ সম্পূৰ্ণ হোৱাৰ লগতে আন আন ক্ষেত্ৰ সমূহৰ কামো প্ৰায় শেষ হোৱাৰ পথত৷ ইতিমধ্যে ২০০ টা প্ৰতিনিধি শিবিৰ আটক ধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে আৰু ৩০০ জনকৈ ভকত বৈষ্ণৱ প্ৰতিটো শিবিৰত থকাৰ ব্যৱস্থা কাৰা হৈছে৷ আনহাতে একেলগে ১০ হাজাৰ ভকতে আহাৰ গ্ৰহণ কৰিব পৰা এটা বিশাল ভোজনালয়ৰ নিৰ্মাণৰ কামো প্ৰায় সম্পূৰ্ণ পথত৷ ভিন্ন প্ৰান্তৰ পৰা অহা ভকত সকলে খাদ্যৰ কোনো অসুবিধা নোহোৱাকৈ ৩০০ চোকাত ৰান্ধিব ৬০০ জন ৰান্ধনিয়ে৷ লক্ষ্য লক্ষ্য ভকতৰ আদৰণিকে ধৰি বিভিন্নসেৱাত নিয়োজিত হ’ব সংঘৰ ১০ হাজাৰ সেৱা বাহিনী৷ ইয়াৰোপৰি গ্ৰন্থ মেলা নিয়ন্ত্ৰীত বহিঃ বাণিজ্য মেলাৰ কামো প্ৰায় সম্পূৰ্ণ পথত৷ গোলাঘাট জিলাৰ ১৪ খন আঞ্চলিকৰ আই বাপ সমস্তই উঠি পৰি লাগিছে অধিৱেশন খনি সফল হোৱাৰ ক্ষেত্ৰত৷ ইতিমধ্যে অধৱেশনস্থলীত স্থাপন হ’ল মূল তোৰণ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close