অসম

চন্টক বৰ মিচিং গাঁৱত আলি আই লৃগাং

প্ৰথম খবৰ,শিমলুগুৰিঃ বিভিন্ন প্ৰান্তৰ লগতে শিৱসাগৰ জিলাৰ চন্টক বৰ মিচিং গাঁৱতো আজি কৃষি ভিত্তিক উৎসৱ আলি আই লিগাং উদযাপন কৰা হয়৷ পৰম্পৰাগতভাৱে চন্টক মিচিং গাঁৱত মিচিং সকলে মাংগলিক ৰীতি নীতিৰে পালন কৰে এই উৎসৱ৷ আজি ফাগুণৰ প্ৰথম বুধবাৰ। মিচিংসকলৰ কৃষিভিত্তিক জাতীয় উৎসৱ আলি-আইয়ে-লৃগাং শিৱসাগৰ জিলাৰ চন্টক বৰমিচিং গাঁৱত ফাগুনৰ প্ৰথমটো বুধবাৰে মিচিংসকলে আলি-আই-লৃগাঙৰ যি মাঙ্গলিক কাৰ্যৰে শুভাৰম্ভ কৰি বিভিন্ন কাৰ্যসূচীৰে ইয়াত আৰম্ভ কৰে৷ দ:ঞি: পলক সাক্ষী কৰি গাঁৱৰ ডেকা-বুঢ়া, আইতা-দেউতা সকলোটি ওলাই আহি গোমৰাগ চ:মান নৃত্যৰে মুখৰিত কৰি তোলে আলি-আইয়ে-লৃগাঙৰ উদযাপনস্থলী৷ নৃত্যৰে মুখৰিত হৈ পৰে উদযাপনস্থলী ৷ ডেকা গাভৰু,জীয়ৰী বোৱাৰী সকলোৱে এপাক নাচি আদৰণি জনাই তেওঁলোকৰ হেপাহৰ আলি আয়ে লৃগাঙক। দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰা আলি আই লৃগাঙৰ পুৱাই পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰে সমাজকৰ্মী মিলাই পেগুৱে৷ হিৰন্য গামি বৃক্ষ ৰোপন কৰাৰ পাছতেই বীজ সিঁচা পৰ্ৱ সমাপন কৰে শিক্ষক তথা সমাজকৰ্মী ধীৰেন টায়ে৷ উৎসৱৰ লগত সংগতি অনুষ্ঠিত কৰা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন,কুইজ,ভেশচন,নৃত্য আদি প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে অ’ এন জি চিৰ কল্যাণ বিষয়া সোনাবৰ পাংগিনে৷ একে অনুষ্ঠানতি উচ্চ আৰু উচ্চতৰ মাধ্যমিকত অৱতীৰ্ণ হ’বলগীয়া পৰীক্ষাৰ্থীসকলক অভিনন্দন জনোৱা হয়৷ শিক্ষক নৱ পাংগিঙে আত ধৰা অনুষ্ঠানত মিচিং যুৱক-যুৱতীসকলে পৰম্পৰাগত সাজপাৰ পৰিধান কৰি ঐনিতম গাই ,নৃত্য পৰিবেশনে আপ্লুত কৰি তোলে৷ অনুষ্ঠানত সাংবাদিক চৰিফ আলি,মনোজ দ্ত্ত,বিপিন হাজৰিকাৰ লগতে ভালেকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close