অসম

চলন্ত ৰে’লৰপৰা সন্ধানহীন লামডিঙৰ যুৱক

প্ৰথম খবৰ,লামডিঙঃ অসমত সুৰক্ষিত নহয় এতিয়া ৰে’ল যাত্ৰী৷ পুনৰ ৰে’লৰ পৰা যাত্ৰী নিৰুদ্দেশৰ ঘটনা সংঘটিত হৈছে লামডিঙত। বহিঃ ৰাজ্য কেৰেলাৰ পৰা দুই বন্ধুৰ লগত নিজ ঘৰলৈ উজনীমুৱা বিবেক এক্সপ্ৰেছ ৰে’লত উভতি অহাৰ সময়ত জাগীৰোড আৰু লামডিঙ মাজত সন্ধানহীন লামডিঙৰ ৰাজীৱ দত্ত৷ বহি:ৰাজ্যৰ কেৰেলাত কৰ্মৰত আছিল ৰাজীৱ দত্ত ৷ দুই বন্ধু সৈতে দুমাহ পাছত কেৰেলাৰ পৰা বিবেক এক্সপ্ৰেছত ঘৰলৈ উভতাৰ সময়ত জাগীৰোড আৰু লামডিঙ মাজত পুৱতি নিশা সন্ধানহীন হয় যুৱকজন৷ যুৱকজনৰ লগত আছিল নগদ টকা আৰু এটা মবাইল ফোন৷ বৰ্তমান লামডিঙ ৰে’ল আৰক্ষীক এজেহাৰ দাখিল পৰিয়ালৰ লোকে।

উল্লেখ্য যে,পূৰ্বতেও ৰে’লৰপৰা বহু যাত্ৰী সন্ধানহীন হৈছিল আৰু বৰ্তমান সময়ত অসমত ৰে’লত অপৰাধজনিত ঘটনা দিনে দিনে বৃদ্ধি পাইছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close