বিনোদনশীৰ্ষ

চল্লিশজন লোকৰ বিৰুদ্ধে পাপনিষ্টৰ গোচৰ

নিউজ ডেস্ক, প্ৰথম খবৰঃ ফেচবুকত পাপনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য দিয়াক লৈ দিছপুৰ থানাত ফেচবুকৰ চল্লিশটা একাউণ্টৰ বিৰুদ্ধে গোচৰ দিছে পাপন ফেন ক্লাৱৰ সদস্যই৷ মূলত পাপনৰ ফেচবুক পেজত ফেচবুক লাইভত এগৰাকী কণমানিক মৰম প্ৰদৰ্শন কৰি কৰা চুম্বনক লৈ শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ব্যাপক বিতৰ্ক আৰম্ভ হৈছে৷ এই বিতৰ্কক লৈয়ে পাপনৰ বিৰুদ্ধে অৰুচিকৰ মন্তব্য দিয়াসকলৰ বিৰুদ্ধে গোচৰ তৰিছে পাপনিষ্টসকলে৷

আনপিনে, পাপনৰ ছ’চিয়েল মিডিয়াত ভাইৰেল বিতৰ্কক লৈয়ে দিল্লীত শিশু অধিকাৰ সুৰক্ষা আয়োগত আপত্তি দৰ্শাইছে দিল্লীৰ অধিবক্তা ৰুণা ভূঞাই৷ অধিবক্তাগৰাকীয়ে দিয়া ভাষ্য মতে, ভিডিঅ’টোত খৰ্ব হৈছে শিশুৰ অধিকাৰ৷ নিৰ্যাতন চলোৱা হৈছে শিশুৰ ওপৰত৷ গতিকে পাপনৰ বিৰুদ্ধে Child Protection Act, 2012ৰ অধীনত Inappropriate চুম্বনৰ অভিযোগক লৈ তদন্ত মৰ্মে ব্যৱস্থাগ্ৰহণৰ দাবীৰে ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগৰ কাষ চাপিছে অধিবক্তা ভূঞা৷ অধিবক্তা ভূঞাই ৰিয়েলিটি শ্ব’ত শিশুৰ অধিকাৰ খৰ্ব নোহোৱাটো সুনিশ্চিত কৰাৰ বাবে আয়োগক ব্যৱস্থা ল’বলৈ আহ্বান জনাইছে একেখন আপত্তি পত্ৰত৷

উল্লেখ্য যে, পাপনৰ ফেচবুক লাইভত বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া বিচাৰি পাপনৰ সৈতে যোগাযোগ স্থাপনৰ চেষ্টা চলাই থকা হৈছে এই বাতৰি যুগুত কৰা পৰ্যন্ত পাপনৰ সৈতে সংযোগ স্থাপন সম্ভৱ হোৱা নাই৷ পৰৱৰ্তী সময়ত প্ৰকাশ পাব বিতৰ্কিত বিষয়টোক লৈ জনপ্ৰিয় গায়কজনৰ অভিমত৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close