অসমশীৰ্ষ

চাংসাৰিত ভয়াবহ পথ দুৰ্ঘটনা, নিহত এক

চাংসাৰিৰ পৰা পঙ্কজ নাথ,প্ৰথম খবৰ:
কামৰূপৰ চাংসাৰি আৰক্ষী থানাৰ অন্তৰ্গত অসম গ্ৰামীন বিকাশ বেংকৰ সন্মুখত আজি দিনৰ ভাগত এক ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত হয়। জানিব পৰা অনুসৰি চাংসাৰি গাৱৰ নিবাসী নৰেশ্বৰ নাথে আজি চাংসাৰিৰ গ্ৰামীণ বিকাশ বেংকৰ পৰা নিজৰ পেঞ্চনৰ টকা উলিয়াই চাংসাৰি ৰাজহুৱা সভা মঞ্চৰ নিচেই কাষতে থকা নিজৰ ঘৰখনৰ অভিমুখে যাবলৈ চাংসাৰিত বিপদসংকুল হৈ থকা ক্ৰছিংবিহীন পথেৰে পথ অতিক্ৰমনৰ সময়তে প্ৰায় ৬৮ বছৰীয়া  নাথক গুৱাহাটীৰ দিশৰ পৰা ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰে বাইহাটা চাৰিআলিৰ অভিমুখে আহি থকা ML05G-8006 নম্বৰৰ আই টেন বাহনখনে মহতিয়াই লৈ যোৱাত ঠিতাতে মৃত্যুক সাৱটি লয়। ইয়াৰ কিছু সময়ৰ পিছতে চাংসাৰি আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ ৰাইজৰ সহযোগত দুৰ্ঘটনা সংঘটিত কৰা মেঘালয়ৰ গাড়ীখন জব্দ কৰি আৰক্ষী থানালৈ লৈ যায়। উল্লেখ্য যে পূৰ্বেও এনেধৰণে এই পথছোৱাত বহুকেইটা পথ দুৰ্ঘটনা সংঘটিত হৈ কেইবাজনো নিহত হোৱাৰ উপৰিও ভালেকেইজনে সৰু বৰ দূৰ্ঘটনাত আঘাত প্ৰাপ্ত হৈছিল যদিও এই অঞ্চলত প্ৰশাসনে দুৰ্ঘটনা লাঘৱ কৰাৰ বাবে আজিলৈকে কোনো ধৰণৰ বিশেষ কাৰ্য্যপন্হা নোলোৱাত অঞ্চলবাসী ৰাইজ আজি ঘটিত দুৰ্ঘটনাৰ বাবে প্ৰশাসনৰ ওপৰত ক্ষোভ প্ৰকাশ কৰিছে। আজিৰ দূৰ্ঘটনাৰ পিছতে অঞ্চলটোৰ সচেতন ৰাইজে অতিশীঘ্ৰে চাংসাৰিত বিজ্ঞান সন্মত পদ্ধতিৰে পুলিচ পইন্ট, ক্ৰছিং আদিৰ ব্যৱস্থা কৰিবলৈ কামৰূপ প্ৰশাসনক আহ্বান জনোৱাৰ উপৰিও বৰ্তমান চলি থকা ডিভাইদাৰত ক্ৰচিঙৰ ক্ষেত্ৰত আৰক্ষীক ভালদৰে কৰ্তব্য পালন কৰোৱাবলৈ আৰক্ষী অধীক্ষক পাৰ্থ সাৰথি মহন্তক দাবী জনাইছে।

Related Articles

Leave a Reply

Close