অসম

চেঙাত তীব্ৰ উত্তেজনা আৰু উৎকণ্ঠাৰ অন্তত অবৈধ কাঠমিল উচ্চেদ বন আৰু আৰক্ষী বিভাগৰ

চেঙৰপৰা মইদুল ইছলাম,প্ৰথম খবৰ:বৰপেটা জিলাৰ চেঙাৰ বেছিমাৰীত কালি তীব্ৰ উত্তেজনা আৰু প্ৰত্যাহ্বানৰ পাছত এটি অবৈধ কাঠ ফলা মিল উচ্ছেদ কৰিবলৈ সক্ষম হয়৷ তাৰাবাৰী আৰক্ষী আৰু বনবিভাগে কালি এক বিশেষ সূত্ৰৰ পম খেদি অভিযান চলাইছিল বেছিমাৰীত। অভিযান কালত বহৰি খণ্ড বন বিষয়াৰ কাৰ্যালয় আৰু বৰপেটা ৰোড বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ বনকৰ্মীৰ এটি দলে তাৰাবাৰী আৰক্ষীৰ সহযোগত অবৈধ কাঠফলা মিলটো জব্দ কৰি গাড়ীত তুলিবলৈ লওতেই বনবিভাগ আৰু আৰক্ষীক অভিযানত বাধা প্ৰদান কৰে একাংশ স্থানীয় লোকে। তীব্ৰ বাক-বিতণ্ডা আৰম্ভ হয় উভয় পক্ষৰ মাজত। প্ৰশাসনৰ বাৰম্বাৰ অনুৰোধ আৰু আহ্বানৰ পাছতো নিজৰ স্থিতিত অটল থাকি কোনো প্ৰকাৰে কাঠমিলটোৰ যন্ত্ৰ-পাতি নিবলৈ দিয়া নহ’ব বুলি একাংশ মহিলাই সমুখ সমৰ সদৃশ পৰিৱেশ সৃষ্টি কৰাত কিংকৰ্তব্যবিমূঢ় হৈ পৰে বন বিষয়াকে ধৰি আৰক্ষীৰ দলটো৷ পলকতে এক শৃংখলবিহীন পৰিস্থিতি বিৰাজ কৰাৰ মাজতে স্থানীয় উত্তেজিত মহিলাসকলে বনবিষয়া আৰু আৰক্ষীৰ বাধাক নেওচি গাড়ীৰ পৰা এবিধ এবিধকৈ নমাই ৰাখে কাঠমিলটোৰ যন্ত্ৰ-পাতিবোৰ৷ পাছত বন আৰু আৰক্ষী বিভাগৰ উৰ্ধতম মহলৰ সহযোগত তাৰাবাৰী থানাৰ বিষয়া মুনীন্দ্ৰ নাৰায়ণ দাসৰ সৈতে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ এটি বৃহৎ দল আৰু পুনঃ আৰম্ভ হয় তীব্ৰ উত্তেজনা আৰু উৎকণ্ঠাৰে উচ্ছেদ অভিযানৰ৷ ইয়াতেই লাগিল অন্য এটি অথন্তৰ। বনবিভাগৰ গাড়ীৰ পৰা কাঢ়ি ৰখা যন্ত্ৰ-পাতিৰ লগতে খুলিবলৈ বাকী থকা যন্ত্ৰ খিনিও তাত নেদেখি হঠচকিৎ হৈ পৰিল বন আৰু আৰক্ষীৰ দলটো৷ কাষৰ প্ৰতিঘৰ মানুহৰে ঘৰৰ দুৱাৰ বন্ধ দেখি মাতিলেও মাত নাপাই তীব্ৰ প্ৰত্যাহ্বানৰ সন্মূখীন হয় দলটো৷ উচ্ছেদিত কাঠমিলটোৰ কাষৰ প্ৰায়বোৰ ঘৰতে অভিযান চলোৱাৰ ডেৰ-দুই ঘন্টাৰ পাছত এঘৰৰ পুখুৰীত সন্দেহ উপজিলত কাঠমিলটোৰ কিছু যন্ত্ৰ-পাতি উদ্ধাৰ কৰিবলৈ সক্ষম হোৱাৰ বহু পাছত কিছু আঁতৰৰ নজৰুল হক নামৰ এঘৰত জেনেৰেটৰটো উদ্ধাৰ কৰি আৰক্ষীয়ে জেনেৰেটৰটো জব্দ কৰে৷ চাহেৰ আলীৰ অবৈধ কাঠমিলটোৰ পৰা পঞ্চাশ হাজাৰতকৈ অধিক মূল্যৰ কাঠ কালি ৰাতিয়ে বনবিভাগে জব্দ কৰি লৈ যায়৷ জানিব পৰা মতে আজি বনবিভাগে তাৰাবাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close