অসমমহিলাযুৱশীৰ্ষ

ছেনিটাৰী নেপকিন আৰু এগৰাকী কিশোৰীৰ মৰ্মন্তুদ মৃত্যুৰ কাহিনী

আজি ছবিঘৰলৈ আহিল অক্ষয় কুমাৰ, সোণম কাপুৰ, ৰাধিকা আপ্টে অভিনীত ‘পেডমেন’। চিনেমাখনক লৈ ইতিমধ্যে ব্যাপক চৰ্চা পৰিলক্ষিত হৈছে। সমান্তৰালভাৱে পেডমেন চেলেঞ্জেও জনপ্ৰিয়তা লাভ কৰা দেখা গৈছে। চেনিটাৰী নেপকিনক লৈ এই প্ৰচাৰ নিতান্তই প্ৰয়োজনীয়। চেনিটাৰী নেপকিনৰ সৈতে জড়িত এটা মৰ্মান্তিক ঘটনা আজি আমি প্ৰথম খবৰৰ পাঠকলৈ আগবঢ়ালোঁ। অৰ্চি বৰঠাকুৰৰ এটা ফেচবুক পোষ্টৰ কিছু সম্পাদিত ৰূপ।

কেৱল মাথোঁ এই নেপকিনটোৰ সৈতে পৰিচয় কৰি দিয়াই আমাৰ উদ্দেশ্যে নহয়, স্বাস্থ্যজনিত সমস্যাৰ প্ৰতি সকলোকে বিশেষকৈ মহিলাসকলক সজাগ কৰি তোলাহে আমাৰ উদ্দেশ্যে। স্বাস্থ্যৰ ক্ষেত্ৰত থকা লজ্জাবোধৰপৰা, গোপনীয়তাৰপৰা আহক আমি মুক্ত হৈ সজাগ হওঁ।

ভঙাগড়ৰপৰা উবেৰত ঘৰলৈ বুলি আহি আছিলো। গাড়ীত বহাৰ লগে লগে চালকৰ আসনৰপৰা ল’ৰাজনে ক’লে- ‘মনটো বৰ বেয়া। ১৮-১৯ বছৰীয়া গাভৰু ছোৱালী এজনী আজি অপাৰেছন টেবুলতে মৰি থাকিল।’ মই অবাক হ’লোঁ। উবেৰ আৰু অপাৰেচন টেবুলৰ মাজৰ সম্পৰ্কটো বিচাৰি উলিয়াবলৈ অলপ জটিল পাইছিলো।

ধীৰাজ নামৰ যুৱকজনে জিএমচিএইচৰ অ’টি বিভাগত চাকৰি কৰে। আজৰি সময়খিনিত তেওঁ উবেৰ চলায়। আজি তেওঁ অ’টি ত মৃত্যু হোৱা বৰমাৰ তালুকদাৰ উপাধিৰ ছোৱালীজনীৰ হৃদয়স্পৰ্শী ঘটনাটো মোক ক’লে। দুটা ল’ৰাৰ মাজৰ এজনী ছোৱালী। কিছুদিন আগৰপৰা ছোৱালীজনীৰ পেটটো অস্বাভাৱিকভাৱে ফুলি গৈছিল। মাহেকীয়া হোৱা নাছিল। ছোৱালীজনীৰ প্ৰেম আছিল এজন যুৱকৰ সৈতে। মাকে ভাবিছিল- প্ৰেমৰ নামত তেওঁৰ জীয়ৰীয়ে বিয়া নোহোৱাকৈয়ে ঘৰতে মাক হ’বলৈ ওলাইছে।

অতি দৰিদ্ৰ পৰিয়ালটোৰ চিন্তা তাতকৈ দূৰলৈ নগ’ল। বিনা চিকিৎসাৰে ছোৱালীজনীৰ অৱস্থা দিনক-দিনে শোচনীয়া হৈ গৈ থাকিল। অৱশেষত ছোৱালীজনীক আনি জিএমচিএইচ পোৱালেহি। ডাক্তৰৰ ধমকত মাকে ক’লে- লোকলজ্জাৰ ভয়তে যে ইমান দিনে ডাক্তৰৰ ওচৰলৈ অহা নাছিল।

 

 

ছোৱালীজনী নাবাচিল। আচলতে লোকলজ্জাত পৰিব লগা একো ঘটনা হোৱা নাছিল তাইৰ সৈতে। ‘কি হৈছিলনো আচলতে?’ মোৰ প্ৰশ্নৰ উত্তৰত ধীৰাজ নামৰ ল’ৰাজনে ক’লে- ‘তাইৰ পেটত গোটেই কুমজেলেকুৱাৰ পোৱালি। নাড়ী ছিঙি পেলাইছে। মাহেকীয়া হওঁতে কাপোৰ লয়। লেটেৰা কাপোৰবোৰকে মাহে মাহে লয়। বাহিৰত মেলি থওঁতে কুমজেলেকুৱা লাগি আছিল চাগৈ। সেইখনকে ভালকৈ নোচোৱাকৈ লওঁতে কুমজেলেকুৱা গৈ ভিতৰ সোমাল। ভিতৰখন তেনেই গেলি গৈছে তাইৰ। কুমজেলেকুৱাৰ কণী, পোৱালিবোৰ কিলবিলাই আছে। এমাহ আগেয়ে অনা হ’লেই ছোৱালীজনী বাচি গ’লহেঁতেন।’

এতিয়াও মোৰ বুকুখন ঢৰফৰাই আছে। কি ভয়ংকৰ ঘটনা। এজনী ১৮-১৯ বছৰীয়া গাভৰু ছোৱালীৰ মৃত্যুৰ কাৰণ মাহেকীয়াৰ সময়ৰ অস্বাস্থ্যকৰ অভ্যাস।

কথাটো হৈছে, ল’ৰাজনে যিটো কুমজেলেকুৱা বুলি কৈছে, সেয়া হয়তো কুমজেলেকুৱা নহয়। সচৰাচৰ মাহেকীয়াৰ সময়ত ব্যৱহাৰ কৰা কাপোৰবোৰ অতি অস্বাস্থ্যকৰভাৱে থোৱা হয়। তাৰ ফলত তেনে কাপোৰত বিভিন্ন বীজাণুৱে বাহ লয়। তেনে কাৰণতে হয়তো ঘটনাটো ঘটিল।

কেইবাগৰাকী বিশেষজ্ঞ চিকিৎসকৰ সৈতে আমি কথা পাতিছিলো। আলোচনাৰ অন্তত দুটামান কথা স্পষ্টকৈ বুজিলোঁ- মাহেকীয়াৰ সময়ত অপৰিস্কাৰ কাপোৰ ব্যৱহাৰ কৰাটো অতি অস্বাস্থ্যকৰ কথা। যি কাৰণে কেতিয়াবা মৃত্যু পৰ্যন্ত হ’ব পাৰে। দ্বিতীয়তে লেতেৰা আৰু অস্বাস্থ্যকৰ পৰিৱেশত থকা কাপোৰ ব্যৱহাৰ কৰাৰ ফলত কুমজেলেকুৱা পেটত নহয়, কিন্তু ঠিক সেই ধৰণৰ বিজলুৱা এবিধ পেৰাছাইট হয়, যাক কোৱা হয় মেগ’টছ (Maggots) বুলি। চিকিৎসাবিজ্ঞানৰ পৰিভাষাত এই অৱস্থাটোক মায়ছিয় বুলি কয়। বিষয়টোৱে মোকো যথেষ্ট বিব্ৰত কৰিছে । আমি বিচাৰিছো এই অস্বাস্থ্যকৰ অভ্যাস বন্ধ কৰিবলৈ আমি সকলোৱে চেষ্টা কৰা উচিত । চৰকাৰী আচনিসমূহ ফলপ্ৰসু কৰাত আমি সকলোৱে হাত উজান দিবই লাগিব ।

এনে পৰিস্থিতিৰ পৰা আঁতৰি থকাৰ উপায় কি? আপুনি যদি আপোনাৰ চৌপাশে এনেকুৱা অস্বাস্থ্যকৰ অভ্যাস দেখিছে তেন্তে তেওঁলোকক সজাগ কৰক।

(অৰ্চি বৰঠাকুৰৰ ২২ এপ্ৰিল, ২০১৭ৰ ফেচবুক পোষ্ট)

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close