অসম

জালুগুটি পৰীক্ষা কেন্দ্ৰত শান্তিপূৰ্ণভাৱে অনুষ্ঠিত মেট্ৰিকৰ ইংৰাজী বিষয়ৰ পৰীক্ষা

প্ৰথম খবৰ,বাৰপূজীয়াঃ মৰিগাওঁ জিলাৰ বৃহত্তৰ জালুগুটি অঞ্চলৰ মেট্ৰিকৰ একমাত্ৰ পৰীক্ষা কেন্দ্ৰ জালুগুটি মাধ্যমিক বিদ্যালয়ত ২০১৮ বৰ্ষৰ হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰথমটো লিখিত পৰীক্ষা এক শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হয়৷ অঞ্চলটোৰ চাৰিখন বিদ্যালয়ৰ ২৭৫ গৰাকী পৰীক্ষাৰ্থী এইবাৰ অৱতীৰ্ণ হৈছে৷ পূৱা ৯ বজাৰ পৰা অনুষ্ঠিত হোৱা ইংৰাজী বিষয়ৰ পৰীক্ষাত কেন্দ্ৰটোৰ পৰীক্ষা নিৰিক্ষকৰ দাযি়ত্বত থাকে বিদ্যালয় খনৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ বৰা৷ আনহাতে কেন্দ্ৰটোত আৰক্ষীয়ে নিৰাপত্তাৰ দিশটোত যথেষ্ঠ গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে৷ লগতে কেন্দ্ৰটোৰ ২০০ মিটাৰ দুৰত্বৰ ভিতৰত ১৪৪ ধাৰা জাৰি কৰা হৈছে৷

উল্লখ্য যে, কেন্দ্ৰটোত প্ৰথমটো বিষয়ৰ পৰীক্ষা শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হোৱাত যথেষ্ঠ সুখী কেন্দ্ৰটোৰ শিক্ষক শিক্ষয়ত্ৰিৰ লগতে অঞ্চলবাসী৷

Related Articles

Leave a Reply

Close